নগাঁও, ৩ ডিচেম্বৰ: সজাগতা সৃষ্টিৰ উদ্দেশ্যেৰে বৃহস্পতিবাৰে নগাঁৱত উদযাপন কৰা হয় বিশ্ব প্ৰতিবন্ধী দিৱস । নগাঁৱৰ শ্ৰীমন্ত শংকৰ মিছনত নগাঁও জিলা প্ৰশাসন, সমাজ কল্যাণ বিভাগ, গ্ৰাম্য পুথিভঁৰাল সন্থা আৰু শ্ৰীমন্ত শংকৰ মিছনৰ সহযোগত এই দিৱসটি পালন কৰা হয় । বিশ্ব প্ৰতিবন্ধী দিৱসৰ লগত সংগতি ৰাখি প্ৰকৃত প্ৰতিবন্ধী লোকসকলক একোখনকৈ মানপত্ৰও প্ৰদান কৰা হয় । প্ৰতিবন্ধকতাৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয় ।
সজাগতাৰ জৰিয়তে প্ৰতিবন্ধীসকলক লৈ একেলগে আগুৱাই যোৱাটো সম্ভৱ হ'ব বুলি মন্তব্য কৰাৰ লগতে এই ক্ষেত্ৰত কাম কৰি অহা বেচৰকাৰী সংস্থাসমূহক ধন্যবাদ জ্ঞাপন কৰে জিলা উপায়ুক্তগৰাকীয়ে । প্ৰতিবন্ধী লোকসকলক চৰকাৰে প্ৰতি মাহে এক হাজাৰ টকা প্ৰদান কৰাৰ কথা প্ৰকাশ কৰে শ্ৰীমন্ত শংকৰ মিছনৰ সম্পাদক বল্লদেৱ শৰ্মাই । জিলা উপায়ুক্ত কবিথা পদ্মনাভনৰ লগতে সমাজ কল্যাণ বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত, জিলা সমাজ কল্যাণ বিষয়াও উপস্থিত থাকে প্ৰতিবন্ধী দিৱসৰ কাৰ্যসূচীত ।
লগতে পঢ়ক:ড্ৰাগছৰ ঘাটি উৎখাত অভিযানত আৰক্ষীক আক্ৰমণ ড্ৰাগছ বেপাৰীৰ