ETV Bharat / state

বিধায়িকা আঙুৰলতা ডেকাৰ সমষ্টিত পথৰ বিধ্বস্ত ৰূপ

author img

By

Published : Sep 8, 2019, 11:35 AM IST

Updated : Sep 8, 2019, 12:04 PM IST

মেৰামতিৰ অভাৱত পথৰ ওপৰত গাঁতৰ সমাহাৰ৷ আধাৰশিলা স্থাপন কৰা এবছৰৰ পাচতো নপৰিল এটাও শিলগুটি৷

বিধায়িকা আঙুৰলতা ডেকাৰ সমষ্টিত পথৰ বিধ্বস্ত ৰূপ

নগাঁও, 8 ছেপ্টেম্বৰঃ বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতা ডেকাই বাট-পথৰ আমোল পৰিৱৰ্তনৰ বিষয়ে কথাৰ ফুলজাৰি মাৰি থকাৰ সময়তে বটদ্ৰৱাৰ বিধ্বস্ত পথে উদঙালে গড়কাপ্তানি বিভাগৰ পঁয়ালগা স্বৰূপটো । বটদ্ৰৱাত জৰাজীৰ্ণ বাট-পথৰ গইনা লৈ এতিয়া বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে যাতায়তৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগিব লগীয়া হৈছে ।

বিধায়িকা আঙুৰলতা ডেকাৰ সমষ্টিত পথৰ বিধ্বস্ত ৰূপ

বটদ্ৰৱা ৰাইডঙীয়াৰ পৰা ডিমৌ সংযোগী পথ আৰু বটদ্ৰৱা ৰামপুৰ সত্ৰৰ পৰা বটদ্ৰৱা জামতলা সংযোগী পথটোৰ অৱস্থা সম্প্ৰতি বিধ্বস্ত । বছৰ-বছৰ ধৰি বটদ্ৰৱা সমষ্টিৰ এই বৃহত্তৰ অঞ্চলটোৰ ৰাইজে ৰাস্তা-ঘাটৰ দুৰৱস্থাৰ বাবে যিকোনো দিশত দুৰ্ভোগ ভোগ কৰি আহিব লগীয়া হৈছে । কিন্তু সকলো দেখিও বিধায়িকা আঙুৰলতা ডেকাই নিৰৱ ভূমিকাত থকাৰ অভিযোগ উত্থাপিত হৈছে । বিধায়িকা গৰাকীয়ে সমষ্টিৰ উন্নয়নৰ ক্ষেত্ৰত কাণষাৰ নিদিয়াৰ অভিযোগ উত্থাপন হৈছে । ভোটাৰৰ মন জয় কৰিবলৈ নিৰ্বাচনৰ সময়ত বিধায়িকা গৰাকীয়ে সমষ্টিটোত ন ন কৌশলো অৱলম্বন কৰিছিল । বহু কেইটা পথৰ বাবে তেওঁ আধাৰশিলাও স্থাপন কৰিছিল । কিন্তু নিৰ্বাচনৰ বৈতৰণী পাৰ হৈ যোৱাৰ পিচত এই পথ সমূহত আজিকোপতি এটাও শিলগুটি নপৰিল । এতিয়া প্ৰশ্ন হয় সততে উন্নয়নৰ কথা কোৱা বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাই নিৰ্বাচনৰ সময়ত য'তে ত'তে অভিলেখ গঢ়ি স্থাপন কৰা আধাৰশিলা, আধাৰশিলা হৈ ৰ'ব নে পথৰ ওপৰত শিলগুটিও পৰিব?

Intro:বিধায়িকা আঙুৰলতা ডেকাৰ সমষ্টিত বিধ্বস্ত পথত পুখুৰী সদৃশ গাঁত । আধাৰশিলা স্থাপন কৰা এবছৰৰ পিছতো নপৰিল এটাও শিলগুটি । ক্ষোভিত ৰাইজ ।
Body:ৰাজ্যৰ গড়কাপ্তানী মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতা ডেকাই বাট পথৰ আমোল পৰিবৰ্তনৰ বিষয়ে কথাৰ ফুলজাৰি মাৰি থকাৰ সময়তে বটদ্ৰৱাৰ বিধ্বস্ত পথে উদঙালে গড়কাপ্তানী বিভাগৰ পঁয়ালগা স্বৰূপটো। বটদ্ৰৱাত জৰাজীৰ্ণ বাট-পথৰ গইনা লৈ এতিয়া বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে দুৰ্ভোগ ভূগি কৰিবলগীয়া হৈছে যাতায়ত । এই দৃশ্য বটদ্ৰৱা ৰাইডঙীয়াৰ পৰা ডিমৌ সংযোগী পথ আৰু বটদ্ৰৱা ৰামপুৰ সত্ৰৰ পৰা বটদ্ৰৱা জামতলা সংযোগী পথৰ দৃশ্য এইয়া । বছৰ-বছৰ ধৰি বটদ্ৰৱা সমষ্টিৰ এই বৃহত্তৰ অঞ্চলটোৰ ৰাইজে ৰাস্তা-ঘাটৰ দুৰৱস্থাৰ বাবে যিকোনো দিশত দুৰ্ভোগ ভোগ কৰি আহিব লগীয়া হৈছে । কিন্তু সকলো দেখিও নিৰৱ ভুমিকাত বিধায়িকা আঙুৰলতা ডেকা । বিধায়িকা আঙুৰলতা ডেকাই সমষ্টিৰ উন্নয়নৰ ক্ষেত্ৰত কাণষাৰ নিদিয়াৰ অভিযোগ উত্থাপন হৈছে । ভোটাৰৰ মন জয় কৰিবলৈ নিৰ্বাচনৰ সময়ত বিধায়িকা গৰাকীয়ে সমষ্টিত ন ন কৌশল অৱলম্বনো কৰিছিল । বহু কেইটা পথৰ স্থাপন কৰিছিল আধাৰশিলা । কিন্তু নির্বাচনৰ বৈতৰনী পাৰ হৈ যোৱাৰ পিছতো এই পথ সমূহত আজিলৈকে নপৰিল এটাও শিলগুটি । মন্ত্ৰী হিমন্ত বিশ্ব শর্মাৰ বিয়াগোম গড়কাপ্তানী বিভাগ আৰু স্থানীয় বিধায়িকা গৰাকীয়ে নিৰব ভূমিকাৰ বাবেই জীয়াতু ভোগিব লগীয়া হৈছে সমষ্টি বাসী ৰাইজে । এতিয়া প্ৰশ্ন হয় সততে উন্নয়ণৰ কথা কোৱা বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাই নিৰ্বাচনৰ সময়ত যতে ততে আধাৰশিলা স্থাপন কৰি অভিলেখ গঢ়া এই ৰাস্তা ঘাটৰ দুৰৱস্থাৰ বাবে কৰা আধাৰশিলা আধাৰশিলা হয়ৈ ৰ'ব নে পথৰ ওপৰত পৰিব শিলগুটি ? আঁচলতে সততে উন্নয়ণৰ ফুলজাৰি মাৰা বিধায়িকা আঙুৰলতা ডেকাৰ সমষ্টিৰ এয়াই নেকি উন্নয়ণৰ নমুনা?______________________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত অসম ।Conclusion:
Last Updated : Sep 8, 2019, 12:04 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.