ৰূপহীহাট, 27 এপ্ৰিল : এইবাৰ ৰাজ্যত ডিজিটেল পদ্ধতিৰে প্ৰদান কৰিলে তিনি তালাক । যৌতুক নিদিয়াৰ বাবেই তালাক প্ৰদানৰ অভিযোগ স্বামীৰ বিৰুদ্ধে । নগাঁও জিলাৰ জুৰীয়া থানাৰ অন্তৰ্গত আলিটাঙনীত সংঘটিত হৈছে এই ঘটনা ।
জানিব পৰা মতে, আলিটাঙনি গাঁৱৰ আবু চৈয়দে মঙলবাৰৰ পৰা প্ৰায় এবছৰ আগতে একে গাঁৱৰে এটা দৰিদ্ৰ পৰিয়ালৰ এগৰাকী মহিলাৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল । কিন্তু বিয়াৰ কেইদিনমান পিছৰে পৰাই স্বামীয়ে যৌতুকৰ বাবে মহিলাগৰাকীক অকথ্য নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে । যাৰ বাবে পৰ্যায় ক্ৰমে লক্ষাধিক টকা অৰ্পণ কৰে লোভীয়া স্বামীক ।
ইয়াতে ক্ষান্ত নাথাকি অভিযুক্ত লোকজনে পুনৰ একলাখ টকা আনি দিবলৈ হেঁচা প্ৰয়োগ কৰে পত্নীক । কিন্তু টকা আনিবলৈ অমান্তি হোৱাত স্বামীয়ে শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাই মহিলাগৰাকীক পঠিয়াই দিয়ে পিতৃ গৃহলৈ ।
ইফালে মহিলাগৰাকী পিতৃ গৃহত থাকোতেই আবু চৈয়দে মোবাইলত ৱাটচএপৰ যোগেদি প্ৰদান কৰে তিনি তালাকৰ জাননী । ইয়াকে লৈ এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্র আলিটাঙনি অঞ্চলত । ইতিমধ্যে ঘটনা সন্দৰ্ভত দগাঁও আৰক্ষী পহৰা চকীত এজাহাৰ দাখিল কৰে মহিলাগৰাকীৰ পৰিয়ালে ৷