ETV Bharat / state

লক ডাউনত 'আৰোগ্য যোগ কেন্দ্র'ৰ ব্যতিক্রমী পদক্ষেপ

ৰাজ্যত মহামাৰী কৰ'ণাই সংহাৰী ৰূপ ধাৰণ কৰাৰ সময়ত ধিঙৰ এদল যুৱক যুৱতীৰ প্ৰশংসনীয় পদক্ষেপ । কৰ'ণাৰ পৰা ৰক্ষা পাবলৈ ব্যস্ত এই সকল যুৱক যুৱতী ।

author img

By

Published : Jun 17, 2020, 8:22 PM IST

লক ডাউনত 'আৰোগ্য যোগ কেন্দ্র'ৰ ব্যতিক্রমী পদক্ষেপ
লক ডাউনত 'আৰোগ্য যোগ কেন্দ্র'ৰ ব্যতিক্রমী পদক্ষেপ

বটদ্ৰৱা, 17 জুনঃ নগাঁৱৰ ধিঙত 'আৰোগ্য যোগ কেন্দ্র'ৰ ব্যতিক্রমী পদক্ষেপ । মহামাৰী কৰ'ণাৰ বিৰুদ্ধে যুজ দিয়াৰ লক্ষ্যৰে চলাই গৈছে যোগ চৰ্চ্চা আৰু প্ৰশিক্ষণ । শাৰীৰিক ব্যয়ামৰ যোগেদি COVID-19ৰ পৰা ৰক্ষা পাবলৈ চেষ্টা কৰি থকা লগতে সামাজিক দুৰত্ব বজাই ৰাখি প্ৰতিযোগিতা বাবেও সাজু হৈছে আৰোগ্য যোগকেন্দ্ৰৰ শিক্ষার্থী সকল ।

বিগত সময়তো আৰোগ্য যোগ কেন্দ্রই ৰাজ্যৰ লগতে ৰাষ্ট্রীয় পর্যায়ৰ কেইবাখনো প্ৰতিযোগিতাত অংশগ্রহণ কৰি সুনাম অর্জন কৰিবলৈ সক্ষম হৈছিল । সেয়েহে এইবাৰো যোগ কেন্দ্ৰৰ মুখ্য প্ৰশিক্ষক ৰূপজ্যোতি ক'ৰৰ নেতৃত্বতেই লক ডাউনৰ সময়ত শৰীৰ চৰ্চাৰ আৰু প্ৰশিক্ষণৰ সমানে সমানে প্ৰস্তুতি চলাইছে পাঁচজনীয়া এই দলটিয়ে।

উল্লেখ্য যে ধিঙৰ যোগ কেন্দ্ৰৰ মূখ্য প্ৰশিক্ষক ৰূপজ্যোতি ক'ৰ যোগ-ব্যয়ামৰ ওপৰত ৰাষ্ট্ৰ আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিভিন্ন কঠিন যোগ ভংগীমাৰে বহিঃ ৰাজ্যত লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত যোগাসন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি খ্যাতি বুটলিবলৈ সক্ষম হৈছে । ৰাইজৰ আশা অনাগত সময়ত অসমৰ মানচিত্ৰত ধিঙৰ নাম উজ্বলাই গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হ'ব এই দলটিয়ে ।

লগতে চাওকঃ পৰ্বতঝৰাত বাঘৰ আতংকঃ বাঘে ভক্ষণ কৰিছে ঘৰচীয়া জীৱ জন্তু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.