ধিং, 28 ফেব্ৰুৱাৰীঃ পুনৰ বিতৰ্কত ধিঙৰ বিধায়ক আমিনুল ইছলাম ৷ খিলঞ্জীয়াৰ সংজ্ঞাৰ ওপৰত পুনৰ বিতৰ্কিত মন্তব্য প্ৰদান বিধায়ক আমিনুল ইছলামৰ ৷ মিঞা-মুছলমানসকলে যদি 1951 চনৰ নথি-পত্ৰ দাখিল কৰিব লাগে, তেন্তে অসমত বাস কৰা আন আন জনগোষ্ঠীৰ লোকসকলেও দাখিল কৰিব লাগিব নথি-পত্ৰ ৷ নহ’লে কোনো কাৰণতে 1951 চনৰ ভিত্তিবৰ্ষ মানি লোৱা নহ’ব ৷ বৃহস্পতিবাৰে ধিঙৰ বেচামাৰী বজাৰত অনুষ্ঠিত এ আই ইউ ডি এফৰ মুকলি সভাত এইদৰে সকীয়নি প্ৰদান কৰে বিধায়কগৰাকীয়ে ৷ লগতে তেওঁ দাবী জনায় যে, অসমৰ ডেকা, কোঁৱৰ, হাজৰিকা, শইকীয়া, গগৈ ,বড়ো, কাৰ্বি , বৰদলৈ সকলো উপাধিৰ লোকে 1951ৰ নথি-পত্ৰ দেখুৱাব লাগিব ৷ কিয়নো, হিন্দু বাংলাদেশী লোকে উপাধি সলনি কৰি খিলঞ্জীয়াত অন্তৰ্ভুক্ত হ’ব পাৰে । বিধায়কগৰাকীৰ এই মন্তব্যক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷
পুনৰ বিতৰ্কত বিধায়ক আমিনুল ইছলাম - aminul islam
খিলঞ্জীয়াৰ সংজ্ঞাৰ ওপৰত পুনৰ বিতৰ্কিত মন্তব্য ধিঙৰ বিধায়ক আমিনুল ইছলামৰ ৷ মিঞা-মুছলমানসকলে যদি 1951 চনৰ নথি-পত্ৰ দাখিল কৰিব লাগে, তেন্তে অসমত বাস কৰা ডেকা, কোঁৱৰ, হাজৰিকা, শইকীয়া, গগৈ ,বড়ো, কাৰ্বি, বৰদলৈ সকলো উপাধিৰ লোকে দাখিল কৰিব লাগিব নথি-পত্ৰ ৷