ETV Bharat / state

আস্থা হেৰুৱাইছে অভিভাৱকেঃ বন্ধ হোৱাৰ পথত দুখন চৰকাৰী বিদ্যালয়

author img

By

Published : Mar 1, 2020, 2:05 PM IST

চৰকাৰী বিদ্যালয় সমূহৰ ভগ্নপ্ৰায় আন্তঃগাথঁনি, উপযুক্ত শিক্ষকৰ অভাৱ, বিনষ্ট হোৱা শৈক্ষিক পৰিৱেশ আদিৰ সুযোগ গ্ৰহণ কৰিয়েই ব্যক্তিগত বিদ্যালয় সমূহে খোপনি পুতিবলৈ সক্ষম হ’ল ৷ চৰকাৰী বিদ্যালয়ৰ এই দুর্বলতাসমূহক ব্যক্তিগত বিদ্যালয়ে নিজৰ শক্তিলৈ ৰূপান্তৰিত কৰি ছাত্ৰ-ছাত্ৰীক আকর্ষণ কৰিবলৈ সক্ষম হৈছে ৷

বন্ধ হোৱাৰ পথত দুখন চৰকাৰী বিদ্যালয়
বন্ধ হোৱাৰ পথত দুখন চৰকাৰী বিদ্যালয়

ধিং, 1 মাৰ্চ : ধিঙত ছাত্ৰ ছাত্ৰীৰ অভাৱত মৃত্যুৰ দিশে গতি কৰিছে তিনিখনকৈ চৰকাৰী প্ৰথমিক বিদ্যালয়ে। প্ৰয়োজনীয় আন্তঃগাঁথনি থকাৰ পাছতো ছাত্ৰ-ছাত্ৰীৰ অভাৱ বিদ্যালয় কেইখনত। বাংলা মাধ্যমৰ বিদ্যালয় দুখন হৈছে ধিং শিল্পী নগৰ প্ৰাথমিক বিদ্যালয় আৰু ধিং গোসাই পট্টি প্ৰাথমিক বিদ্যালয় । ইতিমধ্যে ছাত্ৰ ছাত্ৰীৰ অভাৱত তলা ওলমিছে ধিং গোসাই পট্টি প্ৰাথমিক বিদ্যলয়ত । ফলত শিক্ষক কেইজনকো অন্য বিদ্যালয়লৈ বদলি কৰা হৈছে । ইফালে বাংলা মাধ্যমৰ আন এখন বিদ্যালয় হৈছে ধিং শিল্পী নগৰ প্ৰাথমিক বিদ্যালয় । এই বিদ্যাল খনৰ তিনিজনকৈ শিক্ষকৰ পৰিবৰ্তে আছে মাথো 5 গৰাকী ছাত্ৰ ছাত্ৰী । কাৰণ বাংলা মাধ্যমৰ হোৱাৰ বাবেই বঙালী সম্প্রদায়ৰ লোকেও ছাত্ৰ ছাত্ৰীৰ নাম ভৰ্তি কৰাত অনিহা প্ৰকাশ কৰি আহিছে এই বিদ্যালয়খনতন । অভিভাৱকসকলে এতিয়া বাংলা মাধ্যমৰ পৰিৱৰ্তে অসমীয়া মাধ্যমতহে সন্তানক পঢ়াবলৈ আগ্ৰহী বুলি প্ৰকাশ কৰে বিদ্যালয় খনৰ শিক্ষকসকলে ৷

বন্ধ হোৱাৰ পথত দুখন চৰকাৰী বিদ্যালয়

আনহাতে একে অৱস্থা হৈছে ৬১৮ নং তলিবৰ প্ৰাথমিক বিদ্যালয়ৰ । স্বাধীনতাৰ পূৰ্বেই স্থাপিত হোৱা বিদ্যালয়খন আজি বন্ধ হোৱাৰ উপক্ৰম হৈছে । ইয়াৰ একমাত্র কাৰণ ছাত্ৰ-ছাত্ৰীৰ অভাৱ । বিদ্যালয়খনত দুজন শিক্ষকৰ বিপৰীতে আছে ৯ জন ছাত্ৰ ছাত্ৰী । বিদ্যালয়খনৰ আন্তঃগাঁথনিও আটক ধুনীয়া হোৱাৰ লগতে বিদ্যালয়খনৰ নামত আছে 8 বিঘাকৈ ভূমি । কিন্তু একমাত্ৰ চৰকাৰী খণ্ডৰ হোৱাৰ বাবেই মৃত্যুৰ দিশে গতি কৰিছে বিদ্যালয়খন।

লগতে পঢ়কঃ তুষাৰাবৃত্ত অৰুনাচলৰ চেলা পাচ

চৰকাৰী বিদ্যালয় সমূহৰ ভগ্নপ্ৰায় আন্তঃগাথঁনি, উপযুক্ত শিক্ষকৰ অভাৱ, বিনষ্ট হোৱা শৈক্ষিক পৰিৱেশ আদিৰ সুযোগ গ্ৰহণ কৰিয়েই ব্যক্তিগত বিদ্যালয় সমূহে খোপনি পুতিবলৈ সক্ষম হ’ল ৷ চৰকাৰী বিদ্যালয়ৰ এই দুর্বলতাসমূহক ব্যক্তিগত বিদ্যালয়ে নিজৰ শক্তিলৈ ৰূপান্তৰিত কৰি ছাত্ৰ-ছাত্ৰীক আকর্ষণ কৰিবলৈ সক্ষম হৈছে ৷ এই দুর্বলতা তথা ছাত্ৰ-ছাত্ৰীৰ অনীহাৰ কাৰণ সমূহ যদি শীঘ্ৰে বিশ্লেষণ কৰিব পৰা যায় তেন্তে নিঃসন্দেহে চৰকাৰী বিদ্যালয়সমূহে পূৰ্ৱৰ অৱস্থা ঘূৰাই পাবলৈ সক্ষম হ'ব ৷

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.