ETV Bharat / state

প্ৰাক্তন বিধায়ক ড৹ ইদ্দিছ আলীৰ দেহাৱসান

author img

By

Published : Feb 9, 2021, 7:55 PM IST

৬৬ বছৰ বয়সত গুৱাহাটীৰ জিএনআৰচি হাস্পতালত মৃত্য়ু হয় ধিঙৰ প্ৰাক্তন বিধায়ক ড০ ইদ্দিছ আলীৰ । তেখেতৰ মৃত্য়ুত গভীৰ শোকৰ ছাঁ পৰে ৰাজনৈতিক মহলত ।

প্ৰাক্তন বিধায়ক ড০ ইদ্দিছ আলীৰ দেহাৱসান

ধিং,৯ ফেব্ৰুৱাৰী: ৰাজ্য়ৰ এসময়ৰ প্ৰভাৱশালী বিধায়ক তথা শিক্ষাবিদ ড৹ ইদ্দিছ আলীৰ দেহাৱসান । মঙলবাৰে দিনৰ ২.৩০ বজাত গুৱাহাটীৰ জিএনআৰচি হাস্পতালত দেহাৱসান ঘটে ধিং সমষ্টিৰ প্ৰাক্তন বিধায়কগৰাকীৰ । ৬৬ বছৰ বয়সত মৃত্য়ু হয় নেতাগৰাকীৰ । উচ্চ ৰক্তচাপজনিত কাৰণত অসুস্থ হৈ গুৱাহাটীৰ জিএনআৰচি হাস্পতালত বিগত আঠ দিন ধৰি চিকিৎসাধীন হৈ আছিল নেতাগৰাকী । নেতাগৰাকীৰ মৃ্ত্য়ুৰ পিছতে এতিয়া শোকৰ ছাঁ পৰিছে সমগ্ৰ সমষ্টিটোত । তেখেতৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে মৈৰাবাৰীস্থিত বাসভৱনত অগণন গুণমুগ্ধৰ সমাগম ঘটে । বিধায়কগৰাকীৰ মৃত্যুত এআইইউডিএফ দলৰ সভাপতি মৌলানা বদৰুদ্দিন আজমলে গভীৰ শোক প্ৰকাশ কৰি পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে । একেদৰে কংগ্ৰেছ দলৰ প্ৰাক্তন মন্ত্ৰী তথা চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইন, ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলাম, প্ৰাক্তন মন্ত্ৰী নজৰুল ইছলাম, সাংসদ গৌৰৱ গগৈকে ধৰি বিভিন্ন ৰাজনৈতিক নেতা সকলে গভীৰ শোক প্ৰকাশ কৰে ।

মৈৰাবাৰী প্ৰেছ ক্লাবৰ তৰফৰ পৰাও গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে তেখেতৰ আত্মাৰ চিৰশান্তিৰ বাবে প্ৰাৰ্থনা কৰে প্ৰেছ ক্লাবৰ বিষয়-ববীয়াসকলে । তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰি মৈৰাবাৰী অঞ্চলৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে গভীৰ শোকপ্ৰকাশ কৰা দেখা যায় ।

উল্লেখ যে, ড৹ ইদ্দিছ আলীয়ে ৰাজনীতি বিজ্ঞান বিষয়ত মৰিগাঁও কলেজত প্ৰায় ২০ বছৰ অধ্যাপনা কৰাৰ পিছত ২০০১ চনত ৮৩ নং ধিং বিধানসভা সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল । বিধানসভাৰ মজিয়াত সবল ভূমিকা পালন কৰা প্ৰাক্তন বিধায়কগৰাকী ২০২১ৰ নিৰ্বাচনৰ বাবে ধিং সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী আছিল ।

লগতে পঢ়ক: পদ্মশ্ৰী ৰংবং তেৰাঙক সম্বৰ্দ্ধনা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.