ETV Bharat / state

"ক্ৰিয়েটিভ হেণ্ডিক্ৰাফট ক্ষুদ্ৰ উদ্যোগ"- 8 হাজাৰ টকাৰে আৰম্ভ কৰা উদ্যোগটোৰ বাৰ্ষিক উপাৰ্জন 50 লাখ টকা

author img

By

Published : Oct 26, 2019, 10:09 AM IST

উদ্যোগটোৰ জৰিয়তে অসমীয়া পাট, মুগাৰ লগতে বিভিন্ন জাতি-জনগোষ্ঠীৰ লোক সকলে ব্যৱহাৰ কৰা বিভিন্ন পৰম্পৰাগত পোছাকৰে প্ৰস্তুত কৰি আহিছে বেগ, ফাইল কভাৰ, টুপি, কেটেপা, ফুলি, খাৰুকে আদি কৰি ভিন্ন প্ৰকাৰৰ প্ৰয়োজনীয় সামগ্ৰী ৷

ক্ৰিয়েটিভ হেণ্ডিক্ৰাফট ক্ষুদ্ৰ উদ্যোগ

বটদ্ৰৱা, 26 অক্টোবৰঃ 8 হাজাৰ টকাৰ পৰা আৰম্ভ কৰা এটা ক্ষুদ্ৰ উদ্যোগে কঢ়িয়াই আনিছে আশাৰ বতৰা ৷ আজিৰ পৰা 10 বছৰৰ পৰ্ৱে নগাঁও জিলাৰ ধিঙৰ এজন উদ্যমী যুৱক অমৰজিৎ গোস্বামীয়ে আৰম্ভ কৰিছিল এটা ক্ষুদ্ৰ উদ্যোগ ৷ নাম দিছিল "ক্ৰিয়েটিভ হেণ্ডিক্ৰাফট ক্ষুদ্ৰ উদ্যোগ"(Creative Handicraft Industry) ৷ এই উদ্যোগটোৰ জৰিয়তে অসমীয়া পাট, মুগাৰ লগতে বিভিন্ন জাতি-জনগোষ্ঠীৰ লোক সকলে ব্যৱহাৰ কৰা বিভিন্ন পৰম্পৰাগত পোছাকৰে প্ৰস্তুত কৰি আহিছে বেগ, ফাইল কভাৰ, টুপি, কেটেপা, ফুলি, খাৰুকে আদি কৰি ভিন্ন প্ৰকাৰৰ প্ৰয়োজনীয় সামগ্ৰী ৷

ক্ৰিয়েটিভ হেণ্ডিক্ৰাফট ক্ষুদ্ৰ উদ্যোগ

প্ৰথম অৱস্থাত কেইজনমান যুৱকক প্ৰশিক্ষণ দি আৰম্ভ কৰা এই উদ্যোগটোত বৰ্তমান জৰিত হৈ আছে পঞ্চাশৰো অধিক যুৱক-যৱকী তথা পুৰুষ-মহিলা ৷ উদ্যমী যুৱক অমৰজিতৰ প্ৰচেষ্টাত সংস্থাপন লাভ কৰা এইসকল লোকে মাহিলি উচিত পাৰিশ্ৰমিক লাভ কৰি নিজৰ লগতে পৰিয়াল পোহপাল দিবলৈ সক্ষম হৈছে ৷ লগতে এই ক্ষুদ্ৰ উদ্যোগটোৰ জৰিয়তে যুৱকজনে বছৰি 40ৰ পৰা 50 লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে ৷

DHING CREATIVE HANDICRAFT INDUSTRY
পৰম্পৰাগত পোছাকৰে প্ৰস্তুত কৰা বেগ, ফাইল কভাৰ, টুপি,

Intro:৮ হেজাৰ টকাৰে আৰম্ভ কৰা ধিঙৰ ক্ৰিয়েটিভ হেণ্ডিক্ৰাফট ক্ষুদ্ৰ উদ্যোগে নিবনুৱা সকললৈ কঢ়িয়াই আনিছে আশাৰ বতৰা ।Body:বৰ্তমান সময়ত এটি কৰ্মসংস্থাপনৰ বাবে হাবাথুৰি খাৱ লগাত পৰিছে ৰাজ্যৰ লাখ লাখ শিক্ষিত নিবনুৱা যুৱক যুৱতীয়ে ৷ তেনে সময়তে ধিঙৰ এজন উদ্যমী যুৱকৰ প্ৰচেষ্টাত পঞ্চাশ জনৰো অধিক যুৱক যুৱতী তথা মহিলাই পৰোক্ষ বা প্ৰত্যক্ষ ভাৱে লাভ কৰিবলৈ সক্ষম হৈছে কৰ্মসংস্থাপন ৷ প্ৰতিজনে নিজকে গঢ়ি তুলিছে একো একোজন উৰ্পাজনক্ষম ব্যক্তি হিচাপে ৷ তেওঁলোকে নিয়াৰিকৈ চলাই গৈছে নিজৰ ঘৰখনৰ লগতে পৰিয়ালটিক ৷ প্ৰতিদিনাই হাতে কামে লাগি পৰিছে নিজ নিজ কৰ্মত ৷ নগাওঁ জিলাৰ ধিঙৰ এই জন উদ্যমী যুৱকৰ নাম অমৰজিৎ গোস্বামী ৷ এই উদ্যমী যুৱকজনে নিজৰ লগতে বহুতৰ জীৱনলৈ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে আশাৰ বতৰা ৷ আজিৰ পৰা প্ৰায় ১০ বছৰৰ পূৰ্ব্বেই অমৰজিতে নিজা প্ৰচেষ্টাত গঢ়ি তুলিছিল Creative Handicraft Industry নামৰ এটি ক্ষুদ্ৰ উদ্যোগ ৷ এই উদ্যোগটোৰ জৰিয়তে অসমীয়া পাট, মুগাৰ লগতে বিভিন্ন জাতি জনগোষ্ঠী সকলে ব্যৱহাৰ কৰা বিভিন্ন কাপোৰেৰে প্ৰস্তুত কৰিছে ভিন্ন প্ৰকাৰৰ প্ৰয়োজনীয় সামগ্ৰী ৷ তাৰ ভিতৰত বিভিন্ন প্ৰকাৰৰ বেগ, ফাইল কভাৰ, টুপি, কেটেপা, ফুলি - খাৰুকে আদি কৰি বহুতো সামগ্ৰী ৷ পোন প্ৰথমে কেইজনমান লোকক প্ৰশিক্ষন দি আৰম্ভ কৰা এই ক্ষুদ্ৰ উদ্যোগটোত আজি প্ৰায় পঞ্চাশৰো অধিক লোক জৰিত হৈ পৰিছে ৷ প্ৰতিজনে মাহিলী লাভ কৰিছে উচিত পাৰিশ্ৰমিকো ৷ এই উদ্যোগটোত প্ৰস্তুত কৰা বিভিন্ন সামগ্ৰীয়ে সমাদৰ লাভ কৰি ৰাজ্যৰ লগতে বৰ্হিঃৰাজ্যতো । উদ্যমী যুৱকজনে বছৰি লাভ কৰিবলৈ সক্ষম হৈছে ৪০ ৰ পৰা ৫০ লাখ টকা ৷ যুৱক জনৰ নবপ্ৰজন্মলৈ আহ্বান নিবনুৱা সমস্যা দূৰ কৰিবলৈ হলে আমি চৰকাৰী চাকৰিৰ লগত দৌৰি হাবাথুৰি খোৱাৰ কোনো প্ৰয়োজন নাই । সকলোৱে যদি এনেদৰে ক্ষুদ্ৰতম উদ্যোগ গঢ়ি তুলে তেন্তে নিজৰ লগতে আন দহজনকো দিব পাৰিব কৰ্মসংস্থাপন । চৰকাৰৰ পৰা কোনো সহায় লাভ নকৰাকৈ নিজা প্ৰচেষ্টাৰে এনেদৰে উদ্যোগ স্থাপন কৰি নিজৰ লগতে আনকো কৰ্মসংস্থাপনৰ বাট মুকলাই দিয়া অমৰজিতৰ এনে নিদৰ্শনক একে মুখে শলাগ লৈছে সকলোৱে ৷________________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত অসম ।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.