ETV Bharat / state

অসম গ্ৰামীণ বিকাশ বেংক ঘেৰাও কৰি গ্ৰাহকৰ উত্তাল প্ৰতিবাদ

আনহাতে এই ক্ষেত্ৰত "Syanresha Technology Pvt Ltd" নামৰ ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানটোৰ আঁকোৰগোজ মনোভাৱৰ বাবেই গ্ৰাহক সেৱা কেন্দ্ৰটো বন্ধ হৈ আছে ৷

author img

By

Published : Nov 13, 2019, 7:25 PM IST

Updated : Nov 13, 2019, 7:46 PM IST

অসম গ্ৰামীণ বিকাশ বেংক ঘেৰাও কৰি গ্ৰাহকৰ উত্তাল প্ৰতিবাদ

ধিং,13 নৱেম্বৰ: বুধবাৰে উত্তাল হৈ পৰিল ধিং শাখাৰ অসম গ্ৰামীণ বিকাশ বেংকৰ চৌহদ ৷ শাখাটোৰ গ্ৰাহক সেৱা কেন্দ্ৰ খুলি নিদিয়াৰ ফলত গ্ৰাহক সকলে বেংকটো ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীৰ অভিযোগ অনুসৰি বিগত 5 মাহ ধৰি ধিঙৰ জেঙনী গাঁৱৰ গ্ৰাহক সেৱা কেন্দ্ৰটো বেংক কতৃপক্ষই বন্ধ কৰি ৰখাৰ বাবে বেংকৰ কাম কাজ ব্যাহত হৈ পৰাৰ লগতে বহু অসুবিধাৰ সন্মুখীন হৈছে গ্ৰাহকসকল। বেংক কতৃপক্ষৰ এই হঠকাৰী সিদ্ধান্তত অতিষ্ঠ হৈ বুধবাৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে গ্ৰাহকসকলে ৷ অতিশীঘ্রে জেঙনীস্থিত গ্ৰাহক সেৱা কেন্দ্ৰটো খুলি দিবলৈ দাবী জনায় ভুক্তভোগী গ্ৰাহকে।

আনহাতে এই ক্ষেত্ৰত "Syanresha Technology Pvt Ltd" নামৰ ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানটোৰ আঁকোৰগোজ মনোভাৱৰ বাবেই গ্ৰাহক সেৱা কেন্দ্ৰটো বন্ধ হৈ আছে ৷ যাৰ বাবে চৰকাৰী অভিলাষী আঁচনি যেনে, প্ৰধানমন্ত্ৰীৰ আবাস যোজনা,বৃদ্ধ পেঞ্চন,বিধৱা পেঞ্চন, কৃষকৰ আঁচনি ,উজ্জ্বলা আঁচনিৰ ধন উঠাব নোৱাৰাত গ্ৰাহকসকল ভীষণ অসুবিধাৰ সন্মুখীন হোৱা বুলি জানিবলৈ দিয়ে শাখা মেনেজাৰে।

লগতে পঢ়কঃ বি টি এডিৰ পৰিষদীয় নিৰ্বাচনত বিজেপিৰ লগত হ’ব মিত্ৰতা: প্ৰমীলাৰাণী ব্ৰহ্ম

Intro:অসম গ্ৰামীন বিকাশ বেংকৰ ধিং শাখাত উত্তপ্ত পৰিস্থিতি । দুই শতাধিক গ্ৰাহকে বেংক ঘেৰাও কৰি সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ ।ব্যাহত বেংকৰ কাম কাজ ।Body:অসম গ্ৰামীন বিকাশ বেংকৰ ধিং শাখাত বুধবাৰে গ্ৰাহকৰ উত্তাল প্ৰতিবাদ । গ্ৰাহক সেৱা কেন্দ্ৰ খুলি নিদিয়াত গ্ৰাহক সকলে বেংক ঘেৰাও কৰি সাব্যস্ত কৰিলে প্ৰতিবাদ । ধিঙৰ জেঙনী গাঁৱৰ গ্ৰাহক সেৱা কেন্দ্ৰটো বিগত পাঁচ মাহ ধৰি বন্ধ কৰি ৰখাত ভূক্তভোগী গ্ৰাহক সকলে এনেদৰেই ওলাই আহি বিভিন্ন শ্লগানেৰে কঁপাই তুলে বেংকৰ চৌহদ । ফলস্বৰূপে কেইবাঘন্টা ধৰি বেংকৰ কাম কাজ ব্যাহত হৈ পৰে । ভূক্তভোগী গ্ৰাহক সকলৰ দাবী অতিশীঘ্রে খুলি দিয়ক জেঙনীস্থিত গ্ৰাহক সেৱা কেন্দ্ৰটো । Syanresha Technology Pvt Ltd নামৰ ব্যক্তিগত খণ্ডৰ কোম্পানীটোৰ আঁকোৰগোঁজ মনোভাবৰ বাবেই গ্ৰাহক সেৱা কেন্দ্ৰটো বন্ধ হৈ আছে বুলি জানিবলৈ দিয়ে ধিং শাখাৰ মেনেজাৰ গৰাকীয়ে । যাৰ বাবে চৰকাৰী অভিলাষী আঁচনি প্ৰধানমন্ত্ৰীৰ আবাস যোজনা, বৃদ্ধ পেঞ্চন ,বিধবা পেঞ্চন, কৃষকৰ আচঁনি ,উজ্জ্বলা আচঁনিৰ ধন উঠাব নোৱাৰাত ভীষণ অসুবিধাৰ সন্মুখীন হৈছে গ্ৰাহক সকলে ।___________________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত অসম ।Conclusion:
Last Updated : Nov 13, 2019, 7:46 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.