ETV Bharat / state

সাহিত্য চৰ্চাত ব্যস্ত অসম আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়া

author img

By

Published : Feb 20, 2019, 2:35 PM IST

সাহিত্যিক, শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্রীৰে মত বিনিময়

মতবিনিময় অনুষ্ঠানত কুলধৰ শইকীয়া

নগাঁও,২০ ফেব্ৰুৱাৰীঃ মঙলবাৰে অসম আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াক দেখা গ'ল সাহিত্য চৰ্চাত। নগাঁও ছোৱালী মহাবিদ্যালয়ত অনুষ্ঠিত এক মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰে সঞ্চালক প্ৰধানগৰাকীয়ে ।

মতবিনিময় অনুষ্ঠানত কুলধৰ শইকীয়া
এই অনুষ্ঠানত কুলধৰ শইকীয়াই নগাঁৱৰ বহুকেইগৰাকী সাহিত্যিক, শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ সৈতে মত বিনিময় কৰি তেওঁৰ ব্যক্তিগত সাহিত্যিক জীৱনৰ কথা ব্যক্ত কৰে। ইপিনে ব্যস্ততাৰ মাজতো এখন নতুন কিতাপ লিখাৰ কথাও উল্লেখ কৰে অসম আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াই।

উল্লেখ্য যে নগাঁও ছোৱালী মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত মহাবিদ্যালয়খনৰ অধ্যাপক-অধ্যাপিকাৰ লগতে ছাত্ৰ-ছাত্ৰী আৰু বহুকেইজন সাহিত্যিকো উপস্থিত থাকে ।

Intro:নগাঁৱত সাহিত্যচৰ্চাত ব্যস্ত অসম আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়া। সাহিত্যিক ,শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্রীৰে মত বিবিময়।

Body:মঙলবাৰে বিয়লি পৰ্যন্ত অসম আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াক দেখা গল সাহিত্য চৰ্চাত। নগাওঁ ছোৱালী মহাবিদ্যালয়ত নগাঁৱৰ বহুকেইগৰাকী বিশিষ্ট সাহিত্যিক, শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ সৈতে এক মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰে আৰক্ষী সঞ্চালক প্ৰধানগৰাকী। অনুষ্ঠানত কুলধৰ শইকীয়াই নিজৰ সাহিত্যিক জীৱনৰ কথা ব্যক্ত কৰে। লগতে ব্যস্ততাৰ মাজতো এখন নতুন কিতাব লিখাৰ কথাও উল্লেখ কৰে কুলধৰ শইকীয়াই। অনুষ্ঠানত ছোৱালী মহাবিদ্যালয়, আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যাপক, অধ্যাপিকা, বিশিষ্ট সাহিত্যিক অৰিন্দম বৰকটকী কে প্ৰমুখ কৰি বহুকেইজন বিশিষ্ট ব্যক্তি সাহিত্যিক উপস্থিত থাকে।
bite. dgp
----------------------------------------
নগাঁৱৰ পৰা ৰকিবুল ওৱাহিদ,
২০-২-১৯

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.