ETV Bharat / state

হস্তী-মানৱ সংঘাত ৰোধৰ আশ্বাস নগাঁও জিলা বন সংমণ্ডল বিষয়া ভাস্কৰ ডেকাৰ

author img

By

Published : Jul 29, 2021, 10:43 AM IST

Updated : Jul 29, 2021, 6:08 PM IST

সংবাদ মাধ্যমে ধাৰাবাহিকভাৱে বাতৰি সম্প্ৰচাৰ কৰাৰ পিছত অৱশেষত শালনা আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ত চাডেন ভিজিট নৱনিযুক্ত নগাঁও জিলা বন সংমণ্ডল বিষয়া ভাস্কৰ ডেকাৰ । চোৱাং সংৰক্ষিত বনাঞ্চলৰ সমীপৱৰ্তী চাপানালা, কঠালগুৰি, উদমাৰি, শালনা আদি অঞ্চল পৰিদৰ্শন কৰে বন বিষয়াগৰাকীয়ে । চামগুৰিৰ বিভিন্ন অঞ্চলত অব্যাহত থকা বন্যহস্তীৰ উপদ্ৰৱৰ পৰা স্থানীয় ৰাইজক ৰক্ষা কৰিবলৈ বাবে শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি তেওঁ আশ্বাস দিয়ে ।

Dfo sudden visit
চোৱাং সংৰক্ষিত বনাঞ্চল পৰিদৰ্শন বন বিষয়া ভাস্কৰ ডেকাৰ

চামগুৰি, ২৯ জুলাই : বুধবাৰে নগাঁৱৰ শালনা আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ত উপস্থিত হয় নৱনিযুক্ত নগাঁও জিলা বন সংমণ্ডল বিষয়া ভাস্কৰ ডেকা । শালনা আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ অধীনৰ বনাঞ্চল পৰিদৰ্শন কৰে বন বিষয়াগৰাকীয়ে । মাত্ৰ চাৰিদিন পূৰ্বে যোগদান কৰা বন বিষয়া ভাস্কৰ ডেকাই চোৱাং সংৰক্ষিত বনাঞ্চলৰ সমীপৱৰ্তী চাপানালা, কঠালগুৰি, উদমাৰি, শালনা আদি অঞ্চলসমূহ পৰিদৰ্শন কৰে । বিষয়াগৰাকীয়ে কয় যে, বনাঞ্চলখনত শেহতীয়াকৈ কোনো ধৰণৰ অবৈধ কাৰ্যকলাপ সংঘটিত হোৱা নাই ।

তথাপিও পৰৱৰ্তী সময়ত অধিক তদাৰক কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে । উল্লেখ্য যে, বনাঞ্চলখনৰ বিষয়ে সংবাদ মাধ্যমে ধাৰাবাহিকভাৱে বাতৰি সম্প্ৰচাৰ কৰি আহিছিল । ইফালে, চামগুৰিৰ বিভিন্ন অঞ্চলত বন্যহস্তীয়ে উপদ্ৰৱ চলাই আহিছে । হাতীৰ ত্ৰাসৰ পৰা স্থানীয় ৰাইজক ৰক্ষা কৰিবলৈ শীঘ্ৰেই নতুনকৈ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি আশ্বাস দিয়ে ।

লগতে দীৰ্ঘ দিন চলি অহা হাতী-মানুহৰ সংঘাত দূৰ কৰাৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি তেওঁ জনায় । চাপানালাৰ প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰাৰ সৈতে বন বিভাগে পূৰ্ণ সহযোগিতা আগবঢ়াই যাব বুলিও স্পষ্ট কৰি দিয়ে নগাঁও জিলাৰ বন সংমণ্ডল বিষয়াগৰাকীয়ে । তেওঁৰ দায়িত্বত থকা বনাঞ্চলৰ ৰক্ষণাবেক্ষণৰ বাবে প্ৰয়োজন অনুসৰি কাৰ্যপন্থা গ্ৰহণ কৰিব বুলি তেওঁ জানিবলৈ দিয়ে ।

পদুমণিত ভৰিত আঘাতপ্ৰাপ্ত এটা হাতী বিচৰণ কৰি থকা বিষয়ত তেওঁ কয় যে, তেওঁ এই বিষয়ে জ্ঞাত নাছিল । শীঘ্ৰেই হাতীটোৰ চিকিৎসাৰ ব্যৱস্থা কৰা হ'ব বুলি তেওঁ মন্তব্য কৰে । ইফালে, বন কৰ্মীৰ অভাৱ সন্দৰ্ভত তেওঁ কয় যে, নগাঁও বন সংমণ্ডলত বৰ্তমান ৪০ শতাংশ পদ খালী হৈ আছে । কেৱল নগাঁৱতে নহয়, সমগ্ৰ অসমতে বন কৰ্মীৰ অভাৱ আছে বুলি তেওঁ জানিবলৈ দিয়ে । লগতে চৰকাৰে শীঘ্ৰেই নিযুক্তিৰ ব্যৱস্থা কৰিব বুলিও তেওঁ সদৰি কৰে ।

লগতে পঢ়ক:নিয়ন্ত্ৰণত আছে অসম-অৰুণাচল প্ৰদেশ সীমান্তৰ পৰিস্থিতি : SP সুধাকৰ সিং

Last Updated : Jul 29, 2021, 6:08 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.