ETV Bharat / state

ধিঙৰ চৰাঞ্চলত অব্যাহত আছে দেৱানী গুণ্ডাৰাজ: অতিস্থ সাধাৰণ জনতা

author img

By

Published : Sep 20, 2021, 10:38 PM IST

আৰক্ষী প্ৰশাসনক বুঢ়া আঙুলি দেখুৱাই নগাঁও জিলাৰ ধিঙৰ বিভিন্ন চৰাঞ্চলত অব্যাহত আছে একাংশ অস্ত্ৰধাৰী দেৱানী মাতাব্বৰৰ গুণ্ডাৰাজ, যাৰ বাবে নিৰাপত্তা হীনতাত ভুগিছে চৰৰ ৰাইজ ৷

dewani-gundaraj-continue-in-char-saproi-areas-in-dhing
ধিঙৰ চৰাঞ্চলত অব্যাহত আছে দেৱানী গুণ্ডাৰাজ: অতিস্থ সাধাৰণ জনতা

চামগুৰি,20 ছেপ্তেম্বৰ: নগাঁও জিলাৰ ধিঙৰ বিভিন্ন চৰাঞ্চলত একাংশ অস্ত্ৰধাৰী দেৱানী মাতাব্বৰৰ অত্যাচাৰত অতিষ্ঠ হৈছে সাধাৰণ ৰাইজ ৷ আৰক্ষী প্ৰশাসন থকাৰ পাছতো এইসকল অস্ত্ৰধাৰী দেৱানী মাতাব্বৰে বিভিন্ন চৰাঞ্চলত চলাই গৈছে মাতাব্বৰৰাজ ৷ ধিঙৰ দাঁতিকাষৰীয়া বিভিন্ন চৰাঞ্চলত সঘনে সংঘটিত হৈছে বিভিন্ন অপৰাধজনিত ঘটনা ৷ কিন্তু প্ৰতিদিনে চৰাঞ্চলত সংঘটিত হোৱা এই অপৰাধ ৰোধ কৰাত চুড়ান্ত ভাৱে ব্যৰ্থ হৈছে আৰক্ষী প্ৰশাসন ৷ ফলত অসহায় হৈ পৰিছে চৰাঞ্চলৰ ৰাইজ ৷

অস্ত্ৰধাৰী গুণ্ডাই কেতিয়াবা যদি ঘৰৰ গৰু ম'হ বলপূৰ্বক ভাৱে কাঢ়ি লৈ গৈছে, আন কেতিয়াবা আকৌ এইসকল গুণ্ডাই দেৱানী কৰৰ নামত টকা-পইচা মাটি বাৰি কাঢ়ি নিছে ৷ শেহতীয়াকৈ এনে এক ঘটনা সংঘটিত হৈছে মুছলিম চৰত ৷ অভিযোগ অনুসৰি, অস্ত্ৰধাৰী গুণ্ডা গুলজাৰ হুছেইনৰ নেতৃত্বত অহা এটা দলে মুছলিম চাপৰিৰ কেইবাঘৰো লোকৰ পৰা কাঢ়ি লৈ গল কেইবাটও গৰু-ম'হ ৷ এইসকল চৰৰ দেৱানী গুণ্ডাই যেতিয়াই যতে মন যায় তাতে সংঘটিত কৰে এনেধৰণৰ অপৰাধজনিত ঘটনা ।

ইফালে প্ৰায় কেইদিনমান পূৰ্বে গুলজাৰ হুছেইনে মুছলিম চাপৰিৰ একাংশ দৰিদ্ৰ লোকক ধন বিচাৰি মাৰপিট কৰাৰ লগতে শূন্যলৈ গুলী ফুটাই সাধাৰণ ৰাইজক আতংকিত কৰি তুলিছিল ৷ উক্ত ঘটনাত আঘাতপ্ৰাপ্ত হৈ বৰ্তমানেও বহু কেইজন লোক চিকিৎসাধীন হৈ থাকিব লগীয়া হৈছে ৷

এই ক্ষেত্ৰত আৰক্ষীৰ ওচৰত ভুক্তভোগী সকলে এজেহাৰ দাখিল কৰিছিল যদিও আজি পৰ্যন্ত এজনো অপৰাধীক কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী ৷ প্ৰশ্ন হয় চৰাঞ্চলত সামান্তৰাল চৰকাৰ চলাই অহা এই সকল দেৱানী গুণ্ডাক নাকি লগাবলৈ সক্ষম হবনে অসম আৰক্ষী ?

লগতে পঢ়কঃ মুকলি আকাশৰ তললৈ লৈ অনা ব্যক্তি জনেই আজি বিৰোধী অখিলৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.