ETV Bharat / state

আজি পৱিত্ৰ ভাদ মাহৰ অন্তিম দিন, হৰি নাম কীৰ্তনেৰে মুখৰিত বটদ্ৰৱা থান - Devotees

পৱিত্ৰ ভাদ মাহৰ আজি অন্তিম দিন। অন্তিমটো দিনত শ শ তালৰ শব্দৰে মুখৰিত বটদ্ৰৱা থানৰ চৌপাশ । জাতীয় সাজ পৰিধান কৰি শিশুৰ পৰা বৃদ্ধলৈ হাতে হাতে তাল লৈ ভাদ মাহৰ অন্তিমটো দিনত ঘোষা কীৰ্তন আৰু আধ্যাত্মিক পৰিবেশৰ মাজেৰে দ্বিতীয় বৈকুণ্ঠ পুৰিলৈ পৰিণত হ'ল গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা ।

আজি পৱিত্ৰ ভাদ মাহৰ অন্তিম দিন
শ শ তালৰ শব্দৰে মুখৰিত বটদ্ৰৱা
author img

By

Published : Sep 18, 2019, 10:03 PM IST

Updated : Jun 28, 2022, 10:34 AM IST

নগাঁও,18 ছেপ্টেম্বৰঃ পৱিত্ৰ ভাদ মাহৰ আজি অন্তিম দিন। আজিৰে পৰা নাম-কীৰ্তন, প্ৰসঙ্গ-কীৰ্তন আৰু তাল-খোলৰ শব্দই ৰজন-জনাই থকা ৰাজ্যৰ নামঘৰ সমূহৰ পৰিৱেশ শান্ত হৈ পৰিব।ৰাজ্যৰ আন প্ৰান্তৰ লগতে হৰি নামৰ অমল ধ্বনিত মুখৰিত বটদ্ৰৱাৰ আকাশ বতাহ । অন্তিমটো দিনত শ শ তালৰ শব্দৰে মুখৰিত বটদ্ৰৱা থানৰ চৌপাশ ।

আজি পৱিত্ৰ ভাদ মাহৰ অন্তিম দিন
হৰি নাম কীৰ্তনেৰে মুখৰিত বটদ্ৰৱা ধাম

জাতীয় সাজ পৰিধান কৰি শিশুৰ পৰা বৃদ্ধলৈ হাতে হাতে তাল লৈ ভাদ মাহৰ অন্তিমটো দিনত ঘোষা কীৰ্তন আৰু আধ্যাত্মিক পৰিবেশৰ মাজেৰে দ্বিতীয় বৈকুণ্ঠ পুৰিলৈ পৰিণত হ'ল গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা । শ শ ভকত বৈষ্ণৱৰ অংশগ্ৰহণেৰে এক নান্দনিক পৰিবেশৰ সূচনা হয় ।

আজি পৱিত্ৰ ভাদ মাহৰ অন্তিম দিন
শ শ তালৰ শব্দৰে মুখৰিত বটদ্ৰৱা

সত্রীয়া সংস্কৃতিৰ প্রাণকেন্দ্র শ্রীমন্ত শংকৰদেৱৰ পবিত্র জন্মভূমি বটদ্রৱাত শাওন মাহৰ সংক্রান্তিৰ পৰা আজি ভাদৰ সংক্ৰান্তিলৈ ওঠৰ প্রসঙ্গৰে এমাহ জুৰি চলি থকা প্ৰসংগৰ সামৰণি পৰে।

আজি পৱিত্ৰ ভাদ মাহৰ অন্তিম দিন
জাতীয় সাজ পৰিধান কৰি শিশুৰ পৰা বৃদ্ধ

কীৰ্তন ঘৰৰ মূল নাম প্রসংগৰ পাচতেই চাৰি শতাধিক ভকতে হাতে হাতে তাল লৈ ভৰি চালনাৰে ‘ঘোষা কীৰ্তনীয়া’ নাম পৰিবেশন কৰে। নিশা নাটঘৰ প্রাংগণত উপস্থিত কেইবাশতাধিক দৰ্শকৰ সন্মুখত বটদ্রৱাৰ স্থানীয় শিল্পীবৃন্দই পৰিবেশন কৰে নৃসিংহ যাত্রা ভাওনা।

Last Updated : Jun 28, 2022, 10:34 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.