ETV Bharat / state

নগাঁৱত কেইবাটাও কামৰ শুভাৰম্ভণি বিধায়ক ৰূপক শৰ্মাৰ

author img

By

Published : Jan 31, 2021, 1:59 PM IST

নগাঁৱত কেইবাটাও উন্নয়ন মূলক কাম উদ্বোধন বিধায়ক ৰূপক শৰ্মাৰ । বিজেপি চৰকাৰৰ কাৰ্যকালত ৰাজ্যৰ সৰ্বস্তৰৰ লোকৰ উন্নয়ন হৈছে আৰু এই ধাৰা অব্যাহত থাকিব বুলি মন্তব্য বিধায়কগৰাকীৰ ।

নগাঁৱত কেবাটাও কামৰ শুভাৰম্ভণি বিধায়ক ৰূপক শৰ্মাৰ

নগাঁও, 31 জানুৱাৰী : অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে তৎপৰ সকলো ৰাজনৈতিক দল-সংগঠন । নিৰ্বাচনৰ বাবে পূৰ্ণ প্ৰস্তুতি শাসকীয় দলৰ । নগাঁৱত শনিবাৰে কেইবাটাও উন্নয়নমূলক কাম উদ্বোধন কৰে বিধায়ক ৰূপক শৰ্মাই । নগাঁও সদৰ সমষ্টিৰ দক্ষিণপাটৰ সমীপৰ হাতীগড়ত ৰূপক শৰ্মাৰ তৎপৰতাত চৰকাৰে 1 কোটি 5 লাখ টকাৰ আৱন্টন দিয়ে । 1739 খ্ৰীষ্টাব্দত স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহৰ দিনত পূৰ্ণানন্দ বুঢ়াগোহাঁইয়ে প্ৰতিষ্ঠা কৰা ঐতিহাসিক বুঢ়াগোঁসাই থানৰ আন্তঃগাঠনি উন্নয়নৰ বাবে 50 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া সভাগৃহৰ আধাৰশিলা স্থাপন কৰে । উল্লেখ্য যে, এই সভাগৃহৰ লগত অতিথিশালা, ৰান্ধনী ঘৰ আদিও নিৰ্মাণ কৰা হ'ব ।

তাৰোপৰি একেটা স্থানতে অসম দৰ্শন আঁঁচনিৰ অধীনত 35 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হোৱা এটা পথ, এটা ৰাজহুৱা শৌচালয়, 10 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হোৱা জিৰণি গৃহৰো শুভ উদ্বোধন কৰে বিধায়কগৰাকীয়ে । শ্ৰীমন্ত শংকৰ সংঘৰ পুৰুষোত্তম আঞ্চলিক শাখালৈ 3 লাখ টকা আৰ্থিক অনুদান আগবঢ়োৱাৰ লগতে বিধায়ক পূঁজিৰ 2 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হোৱা আমোলাপট্টি নৰ্তম গাওঁ নামঘৰৰ ৰান্ধনী ঘৰৰ উদ্বোধন কৰে । আনহাতে 28 লাখ 55 হাজাৰ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ পথৰো আধাৰশিলা স্থাপন কৰে ।

এইসমূহ উন্নয়নমূলক কামৰ শুভ উদ্বাধনী কৰি বিজেপি চৰকাৰৰ কাৰ্যকালত ৰাজ্যৰ সৰ্বস্তৰৰ লোকৰ উন্নয়ন হৈছে আৰু এই ধাৰা অব্যাহত থাকিব বুলি কয় বিধায়ক শৰ্মাই । উদ্বাধনী অনুষ্ঠানত সমাজকৰ্মী ৰবিন্দ্ৰ বৰঠাকুৰ, তুলসী দেউৰী পঞ্চায়তৰ সভাপতি ভদ্ৰকান্ত দাসৰ লগতে বহুকেইজন গণ্য মান্য ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক: টিংখাঙত আটাছু ৰাজগড় আঞ্চলিক সমিতিৰ ষষ্ঠ দ্বি বাৰ্ষিক প্ৰতিনিধি সভা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.