ETV Bharat / state

ভালুকৰ সাঙীত পৰিণত কলিয়াবৰৰ এটা পশু চিকিৎসা কেন্দ্ৰ - পশু চিকিৎসালয় মেৰামতিৰ দাবী

চিকিৎসকৰ অনিয়মীয়া উপস্থিতি আৰু বিভাগীয় হেমাহিৰ ফল ভোগ কৰিছে পোহনীয়া জীৱকূলে ৷ নব্বৈৰ দশকতে তদানীন্তন মুখ‍্যমন্ত্ৰী প্ৰফুল্ল মহন্তৰ দিনত স্থাপিত হোৱা এটা পশু চিকিৎসা কেন্দ্ৰৰ জৰাজীৰ্ণ অৱস্থাই এতিয়া সচেতন মহলক তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷

devastating-veterinary-hospital-at-kaliabor
ভালুকৰ সাঙিত পৰিণত কলিয়াবৰৰ এটা পশু চিকিৎসা কেন্দ্ৰ
author img

By

Published : Jun 13, 2021, 12:34 PM IST

কলিয়াবৰ, 13 জুন : নব্বৈ দশকতে নিৰ্মাণ কৰা হৈছিল কলিয়াবৰ মহকুমাৰ মিছা পশু চিকিৎসা কেন্দ্ৰ । কিন্তু বিভাগীয় বিষয়া-কৰ্মচাৰীৰ চূড়ান্ত হেমাহিৰ বাবেই চিকিৎসা কেন্দ্ৰটো এতিয়া মৃতপ্ৰায় । নব্বৈ দশকতে তদানীন্তন মুখ‍্যমন্ত্ৰী প্ৰফুল্ল মহন্তৰ দিনত স্থাপিত হোৱা এই পশু চিকিৎসা কেন্দ্ৰটোৰ দীৰ্ঘদিন ধৰি হোৱা নাই কোনো মেৰামতি । জহি-খহি যোৱা বেৰ, দুৱাৰ-খিৰিকী, চৌহদৰ চিন-মোকাম নথকা এটা বিধ্বস্ত ঘৰ, ভঙা খিৰিকীৰে দেখা কেন্দ্ৰটোৰ এলান্ধূ-ধূলিৰে ভৰা কোঠাৰ ভিতৰৰ ৰূপেই ইয়াৰ সত‍্যতা প্ৰতিপন্ন কৰে ।

ৰাজ‍্যত যিটো সময়ত পশু চিকিৎসালয়সমূহৰ নৱ-নিৰ্মিত ভৱন চকুত পৰিছে তাৰ বিপৰীতে নৱ-নিৰ্মাণৰ দূৰৰ কথা, এই চিকিৎসা কেন্দ্ৰটো আৰম্ভণিৰে পৰা মেৰামতিৰ মুখেই নেদেখাৰ অভিযোগ উত্থাপন হৈছে ।

ভালুকৰ সাঙীত পৰিণত কলিয়াবৰৰ এটা পশু চিকিৎসা কেন্দ্ৰ

তদুপৰি চিকিৎসকৰ অনিয়মীয়া উপস্থিতিয়ে জ্বলা-কলা খোৱাইছে অঞ্চলবাসীক । পোহনীয়া জীৱ-জন্তুৰ বেমাৰ হ'লে চিকিৎসকক পোৱাটো ভাগ‍্যৰ কথা বুলিহে মন্তব্য কৰিছে স্থানীয় বাসিন্দাই ৷

ইফালে পশু চিকিৎসা কেন্দ্ৰটোৰ চিকিৎসক শ্যাম সুন্দৰ পাণ্ডেই চিকিৎসা কেন্দ্ৰটোৰ মেৰামতি বা আনুসংগিক উন্নয়নৰ প্ৰতি কোনো আগ্ৰহ নথকাৰো অভিযোগ উত্থাপন কৰিছে স্থানীয় বাসিন্দাই ।

উল্লেখ্য যে, ১৯৮৫ চনত ৰাজ‍্যত অগপ দলে চৰকাৰ গঠন কৰাৰ পাছত তদানীন্তন মুখ‍্যমন্ত্ৰীৰ প্ৰফুল্ল মহন্তই প্ৰতিনিধিত্ব কৰা কলিয়াবৰ সমষ্টিত ভালেমান উন্নয়নমূলক কাম হাতত লৈছিল । কিন্তু বিভাগীয় হেমাহি তথা বিষয়া-কৰ্মচাৰীৰৰ সদিচ্ছাৰ অভাৱৰ বাবেই সেই উন্নয়নৰ পৰা বঞ্চিত হৈ ৰৈছে সৰ্বসাধাৰণ ।

লগতে পঢ়ক: তিতাবৰৰ আকাশত শীঘ্ৰে উৰিব চি প্লেন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.