ETV Bharat / state

নগাঁৱৰ জনসংযোগ বিভাগৰ কাৰ্যালয়ত দেশভক্তি দিৱস উদযাপন

দেশভক্ত তৰুণৰাম ফুকনৰ মৃত্যু বাৰ্ষিকীৰ দিনটো "দেশভক্তি দিৱস" হিচাপে নগাঁও জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ত পালন কৰা হয় ৷

author img

By

Published : Jul 28, 2021, 6:00 PM IST

nagaon
দেশভক্তি দিৱস উদযাপন

নগাঁও, ২৮ জুলাই : বুধবাৰে সমগ্ৰ অসমতে পালন কৰা হয় দেশভক্তি দিৱস । দেশভক্ত তৰুণৰাম ফুকনৰ (Tarunram Phukan) মৃত্যু বাৰ্ষিকীৰ দিনটোত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে নগাঁও জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়তো দেশভক্তি দিৱস (Deshbhakti Divas) হিচাপে পালন কৰা হয় । এই অনুসৰি আয়োজন কৰা সভাত পোনপ্ৰথমে যোৱা ২৬ জুলাইত অসম-মিজোৰাম সীমান্তত প্ৰাণ আহুতি দিয়া অসম আৰক্ষীৰ বীৰ শ্বহীদ কেইজনৰ আত্মাৰ সদগতি কামনাৰে এক মিনিট সময় মৌন প্রার্থনা কৰা হয় ।

ইয়াৰ পাছতে দেশভক্ত তৰুণৰাম ফুকনৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে নগাঁও জিলাৰ উপায়ুক্ত (Nagaon Dc) কবিতা পদ্মনাভনে । শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি উপায়ুক্ত গৰাকীয়ে দেশভক্ত গৰাকীৰ জীৱনৰ বিভিন্ন বিষয়ৰ ওপৰত আলোকপাত কৰে । এই সভাখনৰ আঁত ধৰে জিলা তথ্য আৰু জনসংযোগ বিষয়া অংকিতা গগৈয়ে ।

nagaon
দেশভক্তি দিৱস উদযাপন

দেশভক্তি দিৱস উপলক্ষে আয়োজিত সভাত নগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অৰূপ কুমাৰ শৰ্মা, নগাঁও জিলা উপ আৰক্ষী অধীক্ষক ত্ৰিদীপ কুম্বাং, নগাঁও প্ৰেছ ক্লাবৰ সভাপতি কনক হাজৰিকা, নগাঁও মুক্তি যুঁজাৰু সন্মিলনৰ সম্পাদক বাবুল শইকীয়াকে ধৰি বহু বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে ।

সভাৰ অন্তত জিলা তথ্য আৰু জনসংযোগ বিষয়াই জিলাখনৰ ৪ গৰাকীকৈ মুক্তিযোদ্ধা (Freedom Fighter) ক্ৰমে নৰেন্দ্ৰ নাথ দাধৰা, নবীন কৰন, যতীন্দ্ৰ নাথ হাজৰিকা আৰু ৰত্নমালা গোঁহাইৰ গৃহত উপস্থিত হৈ মুক্তিযোদ্ধা কেইগৰাকীক একোখনকৈ সম্বৰ্ধনা পত্ৰ আৰু চেলেঙৰে সম্বৰ্ধনা জ্ঞাপন কৰে । ইফালে ৰাজ্যিক ভিত্তিতো পোন প্ৰথমবাৰৰ বাবে গুৱাহাটীত পালন কৰা হয় দেশভক্তি দিৱস । য'ত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma) আৰু মন্ত্ৰী পীযুষ হাজৰিকাসহ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি ।

লগতে পঢ়ক: শ্বহীদ আৰক্ষী জোৱানলৈ শ্ৰদ্ধাঞ্জলি লংকা সাংবাদিক সংস্থাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.