ETV Bharat / state

নাট্যকাৰ-পৰিচালক দীপক বৰালৈ দীপা গোস্বামী সোঁৱৰণি বঁটা - Jayanta Bhagawati

গ্ৰামাঞ্চলত নাট্য আন্দোলন গঢ়ি তোলা নাট্যকাৰ, পৰিচালক তথা সু-অভিনেতা দীপক বৰালৈ আগবঢ়োৱা হৈছে চলিত বৰ্ষৰ দীপা গোস্বামী সোঁৱৰণি বঁটা । সোমবাৰে দীপক বৰাক এই বঁটা প্ৰদান কৰা হয় ।

Deepa Goswami award to Dipak bora
দীপক বৰালৈ দীপা গোস্বামী সোঁৱৰণি বঁটা
author img

By

Published : Sep 28, 2021, 6:01 PM IST

নগাঁও, ২৮ ছেপ্টেম্বৰ: অসমৰ সংস্কৃতিৰ ভঁৰাল চহকী কৰা, কলা-সংস্কৃতিৰ প্ৰসাৰৰ উদ্দেশ্যেৰে কাম কৰি অহা নাট্যকাৰ, পৰিচালক তথা সু-অভিনেতা দীপক বৰাক চলিত বৰ্ষৰ দীপা গোস্বামী সোঁৱৰণি বঁটাৰে সন্মানিত কৰা হৈছে । জীৱনৰ ৫৪ টা বসন্ত নাট্য কলা চৰ্চা আৰু সাধনাত ব্ৰতী হোৱাৰ লগতে সুদক্ষ নাট্যকৰ্মী হিচাপে পৰিচয় লাভ কৰিবলৈ সক্ষম হোৱা দীপক বৰালৈ কৃৰ্তিত্ব লাভ কৰাৰ চিন স্বৰূপে দীপা গোস্বামী সোঁৱৰণি বঁটা আগবঢ়োৱা হৈছে ।

নাট্যকাৰ-পৰিচালক দীপক বৰালৈ দীপা গোস্বামী সোঁৱৰণি বঁটা

এই গৰাকী প্ৰতিভাৱান নাট্যকাৰক মিফটাব উদ্দিন আহমেদৰ সভাপতিত্বত নগাঁৱত অনুষ্ঠিত হোৱা এখন সভাত দীপা গোস্বামী সোঁৱৰণি বঁটা প্ৰদান কৰা হয় ৷ এই বঁটা প্ৰদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে যশস্বী অভিনেতা জয়ন্ত ভাগৱতী, বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে ছবি উন্নয়ন নিগমৰ উপ-সভাপতি তথা বিশিষ্ট অভিনেতা আলেখ্য বৰুৱা, নাট্যকাৰ প্ৰফুল্ল বৰ্মন, অভিনেতা, চিত্ৰনাট্যকাৰ তথা ধাৰাবাহিক পৰিচালক শুভেশ্বৰ দাস, বিশিষ্ট অভিনেত্ৰী আৰতি বৰুৱা, জেষ্ঠ নাট্যকাৰ, অভিনেতা, পৰিচালক, ঔপন্যাসিক, গ্ৰন্থাকাৰ, প্ৰৱন্ধকাৰ প্ৰভাত গোস্বামী । লগতে উপস্থিত থাকে জেষ্ঠ সাংবাদিক ৰক্তাভ জ্যোতি বৰা আদিকে ধৰি বহু গণ্য মান্য ব্যক্তিৰ লগতে দীপা গোস্বামী শিল্পী বঁটা ন্যাসৰ সভাপতি-সম্পাদক ক্ৰমে নিলয় গোস্বামী আৰু স্মৃতা বৰ্মন ।

নগাঁও জিলাৰ পুৰণিগুদাম বনকঁঠাল গাঁৱত জন্ম গ্ৰহণ কৰা নাট্যকাৰগৰাকীক এই বঁটা প্ৰদান কৰাৰ পাচতে সমগ্ৰ জিলাবাসী আনন্দিত হৈছে । মঞ্চ, ধাৰাবাহিক আৰু ছবি জগতৰ যশস্বী অভিনেত্ৰী প্ৰয়াত দীপা গোস্বামী সোঁৱৰণি ন্যাসে নাট্যকাৰ,পৰিচালক তথা সু-অভিনেতা দীপক বৰালৈ আগবঢ়োৱা এই বঁটাত আছে এখন মানপত্ৰ, ট্ৰফী, কিতাপৰ টোপোলাৰ লগতে নগদ দহ হাজাৰ টকাৰ মাননি ৷

দীপক বৰাৰ পিতৃ পেচাত এগৰাকী স্বাস্থ্যকৰ্মী তথা সুদক্ষ অভিনেতা আছিল । পিতৃ প্ৰয়াত শুভৰাম বৰাৰ পদাংক অনুকৰণ আৰু শিক্ষয়িত্ৰী মাতৃ পুষ্পলতা বৰাৰ প্ৰেৰণাকে মূলধন হিচাপে লৈ নাট্য জগতত পদাৰ্পণ কৰা দীপক বৰাই বৰ্তমানলৈকে ৪৫ খন একাংকিকা নাট, ৪১ খন পূৰ্ণদৈঘ্যৰ নাট, ১৬ খন অংকীয়া নাট আৰু পালা ভাওনা পৰিচালনা কৰাৰ ওপৰিও দুখনকৈ নাট সংকলন-সম্পাদনা কৰিছে ৷ চন্দ্ৰ মূদৈৰ জনপ্ৰিয় বোলছবি "ৰণাংগিনী" আৰু "সাঁতোৰ"ৰ সহ-পৰিচালক, দুখনকৈ ধাৰাবাহিকৰ সহ-পৰিচালক তথা মৰম নামৰ ধৰাবাহিকখনৰ প্ৰযোজনা আৰু পৰিচালনাৰ অভিজ্ঞতাৰে পুষ্ট দীপক বৰাই একাধিক চুটি ছবি, বাটৰ নাট, ভিচিডি, শ্ৰব্য কেছেট পৰিচালনা আৰু প্ৰযোজনা কৰিছে ৷

কেৱল এয়াই নহয়, ৪৫ খনৰো অধিক বিভিন্ন প্ৰকাৰৰ নাট ৰচনা কৰি ৰাইজৰ সমাদৰ পাবলৈ সক্ষম হোৱা নাট্যকাৰ,পৰিচালক দীপক বৰাই নাট কৰ্মশালা অনুষ্ঠিত কৰি অসমত এক নাট্য আন্দোলন গঢ়ি তুলিছে ৷ অসমৰ বিভিন্ন মঞ্চত অভিনয় কৰি বহুবাৰ শ্ৰেষ্ঠ অভিনেতা ,শ্ৰেষ্ঠ নাট্যকাৰৰ সন্মান লাভ কৰা নাট্যকাৰগৰাকীয়ে প্ৰতিভাৰ বলত অসম নাট্য সন্মিলন আৰু অসম সাহিত্য সভাৰ পৰাও শ্ৰেষ্ঠ নাট পৰিচালক আৰু শ্ৰেষ্ঠ নাট্যকাৰৰ বঁটা লাভ কৰিছে ৷ ইফালে, দীপা গোস্বামী সোঁৱৰণি বঁটা লাভ কৰি দীপক বৰাই আনন্দিত হৈ পৰাৰ লগতে তেওঁক আগবাঢ়ি যোৱাত সহযোগিতা আগবঢ়োৱা সকলোকে ধন্যবাদ জ্ঞাপন কৰে ।

লগতে পঢ়ক : দৈয়াং আঞ্চলিক ছাত্র সন্থাৰ বিনামূলীয়া পাঠ্যপুথি বিতৰণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.