ETV Bharat / state

প্ৰয়াত নৰেন্দ্ৰ নাথ মহন্তৰ মৃত‍্যু বাৰ্ষিকীত কলিয়াবৰত পালন শ্বহীদ দিৱস - শ্বহীদ নৰেন্দ্ৰ নাথ মহন্ত

শ্বহীদ নৰেন্দ্ৰ নাথ মহন্তৰ মৃত‍্যু তিথিৰ লগত সংগতি ৰাখি কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই দুদিনীয়াকৈ আয়োজন কৰে শ্বহীদ দিৱস ৷ 8 নৱেম্বৰৰ পৰা কলিয়াবৰত অনুষ্ঠিত হোৱা শ্বহীদ দিৱসৰ আজি দ্বিতীয় দিন ৷

fifth martyr Narendra Nath Mahanta
কলিয়াবৰত দুদিনীয়াকৈ আয়োজিত হৈছে শ্বহীদ নৰেন্দ্ৰ নাথ মহন্তৰ মৃত‍্যু বাৰ্ষিকী
author img

By

Published : Nov 9, 2021, 4:39 PM IST

কলিয়াবৰ, 9 নৱেম্বৰ : মাধ্যম আন্দোলনৰ পঞ্চম গৰাকী শ্বহীদ নৰেন্দ্ৰ নাথ মহন্তৰ মৃত‍্যু তিথিৰ লগত সংগতি ৰাখি কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই দুদিনীয়াকৈ আয়োজন কৰে শ্বহীদ দিৱস ৷ 8 নৱেম্বৰৰ পৰা কলিয়াবৰত অনুষ্ঠিত হোৱা শ্বহীদ দিৱসৰ আজি দ্বিতীয় দিন ৷ নৰেন্দ্ৰ নাথ মহন্তৰ শ্বহীদ বেদী প্ৰাংগনত পতাকা উত্তোলন কৰি কাৰ্য‍সূচীৰ শুভাৰম্ভ কৰে আছুৰ নগাঁও জিলাৰ সভাপতি গৌৰী শংকৰ শইকীয়াই ৷

কলিয়াবৰত দুদিনীয়াকৈ আয়োজিত হৈছে শ্বহীদ নৰেন্দ্ৰ নাথ মহন্তৰ মৃত‍্যু বাৰ্ষিকী

শ্বহীদ বেদীত পুষ্পাঞ্জলি অৰ্পণ কৰে ৰাজ‍্যৰ স্বাস্থ‍্যমন্ত্ৰী কেশৱ মহন্তৰ লগতে শ্বহীদ পত্নী তুলসী মহন্তই ৷ ইফালে, শ্বহীদ দিৱসৰ লগত সংগতি ৰাখি কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই আয়োজন কৰে ৩৫ সংখ্যক সদৌ অসম নৰেন্দ্ৰ নাথ সোঁৱৰণী একাংকিকা নাট প্ৰতিযোগিতা ৷ উক্ত প্ৰতিযোগিতাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ 18 টাকৈ নাট্য দলে অংশগ্ৰহণ কৰে ৷

উল্লেখ্য যে, ক'ভিড সৃষ্ট পৰিবেশৰ বাবে যোৱা দুবছৰ ধৰি অনুষ্টুপীয়াকৈ আয়োজন কৰি অহা হৈছিল শ্বহীদ দিৱস ৷ এইবাৰ ক'ভিড পৰিস্থিতি কিছু পৰিমাণে উন্নত হোৱা হেতুকে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি আয়োজন কৰা হয় শ্বহীদ দিৱস ৷ শ্বহীদ দিৱসৰ প্ৰথম দিনা আয়োজন কৰা একাংকিকা নাট প্ৰতিযোগিতা উপভোগ কৰিবৰ বাবে ভিৰ কৰে শতাধিক লোকে ৷

লগতে পঢ়ক: চিকিৎসকৰ অভাৱ ৰাজ্যৰ বহু চৰকাৰী চিকিৎসালয়ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.