চামগুৰি, 2 নৱেম্বৰ : দীৰ্ঘদিনৰ বিৰতিৰ পিছত আজি বিদ্যালয়সমূহ খোলাৰ ব্যৱস্থা কৰিছে যদিও জুৰীয়াৰ এখন বিদ্যালয়ৰ শ্ৰেণীকোঠাত এটা অৰ্ধগলিত মৃতদেহ উদ্ধাৰ হোৱাত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ খাটোৱাল এম. ই. মাদ্ৰাছাৰ শ্ৰেণীকোঠাত উদ্ধাৰ হৈছে মৃতদেহটো । ছাত্ৰ-ছাত্ৰীয়ে পুৱা বিদ্যালয়লৈ আহি মৃতদেহটো প্ৰত্যক্ষ কৰাত সকলোৰে মাজত হুৱাদুৱা লাগে । চিপ লোৱা অৱস্থাত উদ্ধাৰ হয় মৃতদেহটো ।
মৃতদেহটো বিদ্যালয়খনৰ সমীপৰ ইক্ৰামূল হুছেইন বুলি চিনাক্ত কৰা হৈছে ৷ যোৱা এসপ্তাহ ধৰি সন্ধানহীন হৈ আছিল যুৱকজন । মৃতদেহটো ক্ৰমশঃ গলিবলৈ ধৰাৰ লগতে উৎকট গোন্ধ ওলোৱাত পৰিবেশ দূষিত হৈ পৰিছে । এয়া হত্যা নে আত্মহত্যা সেই সম্পৰ্কত কোনো তথ্য পোহৰলৈ অহা নাই ৷
ইফালে দীৰ্ঘদিনৰ বিৰতিৰ পিছত আজি বিদ্যালয় খুলিছে যদিও বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ বাবে সুখকৰ নহ'ল দিনটো । বিদ্যালয় খোলাৰ পূৰ্বে বিদ্যালয়খনত ছেনিটাইজেচন কৰিব লাগিছিল যদিও বিভাগীয় নিৰ্দেশনাক অংগুষ্ঠ দেখুৱাই কৰ্তৃপক্ষই কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে । ফলত ছাত্ৰ-ছাত্ৰীয়ে এই অবাঞ্চিত পৰিৱেশৰ সন্মুখীন হ'বলগা হয় ৷
লগতে পঢ়ক : অসম চিকিৎসা মহাবিদ্যালয়ৰ ক'ভিড ৱাৰ্ডত চুৰি মূল্যৱান সামগ্ৰী