ETV Bharat / state

নগাঁৱত সন্ধানহীন বেংকৰ কৰ্মচাৰীৰ মৃতদেহ উদ্ধাৰ

দুদিন ধৰি কন্দলী আৰু কচুবস্তিৰ পৰা ঋণৰ ধন উঠাবলৈ গৈ সন্ধানহীন হোৱা নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংকৰ কৰ্মচাৰীৰ মৃতদেহ উদ্ধাৰ ৷ শুকুৰবাৰে বিয়লি ভাগত ডিঙি কটা অৱস্থাত উদ্ধাৰ হয় কৰ্মচাৰীজনৰ মৃতদেহ ৷

author img

By

Published : Feb 12, 2021, 10:05 PM IST

dead body recovered
কৰ্মচাৰীৰ মৃতদেহ উদ্ধাৰ

বঢ়মপুৰ,12 ফেব্ৰুৱাৰী : নগাঁৱত উদ্ধাৰ হৈছে কঠিয়াতলী শাখাৰ নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংকৰ সন্ধানহীন হোৱা এগৰাকী কৰ্মচাৰীৰ মৃতদেহ ৷ শুকুৰবাৰে কন্দলী ফাইৰিং ফিল্ডৰ কাষত ডিঙি কটা অৱস্থাত উদ্ধাৰ হয় বেংক কৰ্মচাৰীজনৰ মৃতদেহ ৷

কোনো দূৰ্বৃত্তই হাত-ভৰি বান্ধি ডিঙি কাটি হত্যা কৰি কৰ্মচাৰীজনৰ পৰা ধন লৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে ৷ উল্লেখ্য যে, কন্দলী আৰু কচুবস্তিৰ পৰা ঋণৰ ধন উঠাবলৈ গৈ দুদিন ধৰি সন্ধানহীন হৈ আছিল হাজোৰ কৃষ্ণ বৈশ্য নামৰ যুৱকজন ৷ যুৱকজনে ঋণৰ 54 হাজাৰ টকা সংগ্ৰহ কৰি বেংকলৈ উভতি অহা নাছিল ৷ ইয়াৰ পাচতে কঠিয়াতলী আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছিল বেংক কৰ্তৃপক্ষই ৷

dead body recovered
কৰ্মচাৰীৰ মৃতদেহ উদ্ধাৰ

আৰক্ষীয়ে যুৱকজনৰ ম’বাইলটো চাই বামুনীৰ বিভিন্ন স্থানত অভিযান চলাইছিল যদিও যুৱকজনৰ কোনো সন্ধান লাভ কৰা নাছিল ৷ শুকুৰবাৰে বিয়লি ভাগত স্থানীয় লোকে মৃতদেহটো প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে ৷

ইতিমধ্যে মৃতদেহটো উদ্ধাৰ কৰি আৰক্ষীয়ে দুৰ্বৃত্তৰ সন্ধানত তদন্ত অব্যাহত ৰাখিছে ৷ মৃতদেহটোৰ কাষৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে ম’বাইল, বেগ আৰু বেংকৰ কাগজ পত্ৰ ৷ কিন্তু যুৱকজনে ব্যৱহাৰ কৰা বাইক আৰু টকা উদ্ধাৰ কৰিব পৰা নাই আৰক্ষীয়ে ৷

লগতে পঢ়ক : পুনৰ অশান্ত অসম-মিজোৰাম সীমান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.