ETV Bharat / state

নগাঁৱত ক’ভিড আক্ৰান্তই শাৰী পাতিছে প্ৰতিষেধক ল’বলৈ - ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়

নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয় প্ৰতিষেধক ল'বলৈ শাৰী পতা ৰাইজৰ মাজত সামাজিক ব্যৱধানৰ দিশটোও ব্যাপকভাৱে উলংঘা হোৱা পৰিক্ষিত হৈছে । চিকিৎসালয় কৰ্তৃপক্ষৰ তৰফৰ পৰা কোনো ধৰণৰ স্ক্ৰীনিঙৰ ব্যৱস্থা নকৰাৰ লগতে ৰাইজৰ ভীৰ নিয়ন্ত্ৰণ কৰাত কোনো ধৰণৰ গুৰুত্ব নিদিয়াত ৰাইজৰ মাজত ব্যাপক অসন্তুষ্টিৰ সৃষ্টি হোৱা দেখা পোৱা গৈছে ৷

নগাঁৱত ক’ভিড আক্ৰান্তই শাৰী পাতিছে প্ৰতিষেধক ল’বলৈ

author img

By

Published : Apr 21, 2021, 7:57 PM IST

নগাঁও,21 এপ্ৰিলঃ ক’ভিড ভেকচিন লোৱাৰ নামত নগাঁৱত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা । ক’ভিড পজিটিভ লোকেও ভেকচিন ল’বলৈ শাৰী পাতিছে ৷ চৰকাৰী চিকিৎসালয়তেই নাই ক’ভিডৰ কোনো নীতি-নিয়ম । নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত সংঘটিত হৈছে এই ঘটনা ।

শাৰীৰিক দূৰত্বক সম্পূৰ্ণ ভৰিৰে মোহাৰি ক’ভিড ভেকচিন ল’বলৈ শাৰী পাতিছে একাংশই । দৈনিক এনেদৰে নগাওঁ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত শ শ লোকে ভীৰ কৰে বুলি জানিব পৰা গৈছে । তাৰমাজতে এটা দিন পূৰ্বে কৰ'ণা প্ৰতিষেধক ল’বলৈ শাৰী পতা সাধাৰণ লোকৰ সৈতে শাৰী পাতিছিল দুজনকৈ ক’ভিড আক্ৰান্ত লোকে । অৱশ্যে লোক দুজন চিনাক্ত হোৱাৰ পিছত ভেকচিন প্ৰদানৰ পৰা বিৰত থাকে স্বাস্থ্য কৰ্মী । লোক দুজনৰ এনে কৰ্মৰ ফলত সম্প্ৰতি আতংকিত হৈ পৰিছে ভেকচিন ল’বলৈ শাৰী পতা লোকসকলৰ লগতে স্বাস্থ্য কৰ্মীসকল ।

নগাঁৱত ক’ভিড আক্ৰান্তই শাৰী পাতিছে প্ৰতিষেধক ল’বলৈ

ক’ভিড ১৯ ৰ দ্বিতীয় ঢৌৱে সমগ্ৰ দেশজুৰি লৈছে ভয়ংকৰ ৰূপ । ক’ভিড-১৯ ৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰেও জাৰি কৰিছে এটাৰ পিছত আন এটা নীতি-নিয়ম । সকলোকে মাস্ক পৰিধান কৰাৰ লগতে শাৰীৰিক দূৰত্ব মানি চলিবলৈ বাৰম্বাৰ আহ্বান জনাই আহিছে ৷ কিন্তু খোদ চৰকাৰী চিকিৎসালয়ত ক’ভিড প্ৰতিষেধক লোৱাৰ নামতেই এনেদৰে ভংগ কৰা দেখা গৈছে ক’ভিড প্ৰট'কল । এইক্ষেত্ৰত চিকিৎসালয় কৰ্তৃপক্ষই কোনো বিশেষ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে ভেকচিন ল’বলৈ অহা একাংশই । একেদৰে সম্প্ৰতি ক’ৰণা ভেকচিন লবলৈ ৰাইজে এনেদৰে ভীৰ কৰি শাৰীৰিক দূৰত্বৰ কোনো নিয়ম নমনা বুলি অভিযোগ উত্থাপন কৰিছে স্বাস্থ্য কৰ্মীয়ে । আনহাতে ক’ভিড ভেকচিনৰ নাটনিৰ কথাও উল্লেখ কৰা দেখা গৈছে স্বাস্থ্য কৰ্মীক ।

লগতে পঢ়কঃ অ’এনজিচিৰ তিনি বিষয়া অপহৰণ: সন্দেহৰ আঙুলি আলফা(স্বা)লৈ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.