নগাঁও, 21 এপ্ৰিলঃ নগাঁও জিলাৰ ৰূপহীহাটৰ জুৰীয়াত প্ৰতিদিনে সংঘটিত হৈছে গৰুচোৰ ৷ নিশা উজাগৰে থাকিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে সাধাৰণ ৰাইজে ৷
নগাঁও জিলাৰ ৰূপহীহাটৰ জুৰীয়াত সংঘটিত হ'ল গৰু চুৰি কাণ্ড ৷ চোৰে গৰু পোৱালীটো এৰি মাকজনীক কৌশলৰে লৈ যায় ৷ লক ডাউনৰ মাজতে অনায়াসে গোহালিৰ পৰা কেনেকৈ গৰু চোৰ কৰিব পাৰে তাক লৈ চিন্তিত হৈ পৰিছে ৰাইজ ৷ আনহাতে, নিশা আৰক্ষীৰ তহলদাৰি দল ঘূৰি থকাৰ পিছতো কেনেকৈ গৰু চোৰ কৰিব পাৰে তাক লৈ চিন্তিত হৈ পৰিছে ৰাইজ ৷ প্ৰতিদিনে এক, দুই বজাৰ পাছৰ পৰা চোৰে গৰু চোৰ কৰা বুলি ৰাইজে অনুমান কৰিছে ৷ প্ৰতিদিনে এনেকৈ গৰু চুৰি হোৱাত গাখীৰ বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰা লোকসকলে এতিয়া নিশা উজাগৰে থাকিব লগাত পৰিছে ৷ অতি শীঘ্ৰে গৰু চোৰক কৰায়ত্ব কৰি ৰাইজক গৰু চোৰৰ পৰা ৰক্ষা কৰিবলৈ আৰক্ষী প্ৰশাসনক আহ্বান জনায় সাধাৰণ ৰাইজে ৷