ETV Bharat / state

চামগুৰিত কালভাৰ্ট নিৰ্মাণকলৈ বিসংগতি: স্থানীয় ৰাইজৰ ক্ষোভ

author img

By

Published : Aug 4, 2021, 3:19 PM IST

চামগুৰিৰ ভেলেউগুৰি তথা পহুকটা অঞ্চলত গংগাসাগৰ নামৰ কোম্পানীটোৱে ঘাইপথৰ ওপৰত এটা কালভাৰ্ট (Culvert) নিৰ্মাণ কৰিছে । কিন্তু নিৰ্মাণ সম্পূৰ্ণ নহওঁতেই চপৰা-চপৰে খহি গৈছে কাষৰ কেঁচা মাটি ।

construction
নগাঁৱত কালভাৰ্ট নিৰ্মাণকলৈ বিসংগতি,ক্ষোভ স্থানীয় ৰাইজৰ

চামগুৰি,৪ আগষ্ট : ৰাজ্যত অব্যাহত আছে ক'ভিডৰ (Covid) সংক্ৰমণ । কিন্তু তাৰ মাজতো চৰকাৰে বিভিন্ন ধৰণৰ উন্নয়নমূলক কাম কাজ অব্যাহত ৰাখিছে । কিন্তু লক্ষণীয়ভাৱে এই জটিল পৰিস্থিতিৰ মাজতো ৰাইজৰ সুৰক্ষাৰ প্ৰতি আওকান কৰি আহিছে বিভিন্ন সংস্থা তথা প্ৰতিষ্ঠানসমূহে । এইবাৰ এটা নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে সৰৱ হৈছে নগাঁৱৰ ৰাইজ ।

নগাঁৱৰ উৰিয়াগাঁৱৰ পৰা কলিয়াবৰ পৰ্যন্ত চাৰি লেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথ (National Highway) নিৰ্মাণৰ ক্ষেত্ৰত সংশ্লিষ্ট কোম্পানীয়ে নিৰ্মাণকাৰ্য অতি লেহমীয়া গতিৰে চলাই নিয়াৰ উপৰিও নিৰ্মাণকাৰ্য চলি থকা এলেকাত পথচাৰীৰ বাবে কৰা নাই কোনো ধৰণৰ সুৰক্ষামূলক ব্যৱস্থা । যাৰ বাবে পথচোৱাৰে নিতৌ বিপদসংকুল যাত্ৰা কৰিবলগীয়া পৰিস্থিতিৰ সন্মুখীন হৈছে যাত্ৰী তথা পথচাৰী সকল । উল্লেখ্য যে, চামগুৰিৰ ভেলেউগুৰি তথা পহুকটা অঞ্চলত গংগাসাগৰ নামৰ কোম্পানীটোৱে ঘাইপথৰ ওপৰত এটা কালভাৰ্ট (Culvert) নিৰ্মাণ কৰিছে । কিন্তু নিৰ্মাণ সম্পূৰ্ণ নহওঁতেই চপৰা-চপৰে খহি গৈছে কাষৰ কেঁচা মাটি ।

খহি যোৱা অংশত সংশ্লিষ্ট কোম্পানীটোৱে কেইটামান মাত্ৰ বালিৰ বস্তা পেলাই অতি গুৰুতৰ সমস্যাটোৰ প্ৰতি দেখুৱাইছে চূড়ান্ত অৱহেলা । ইফালে কলং নৈৰ কাষৰ এই বিপদসংকুল কালভাৰ্টটোৰ ওপৰত কোনো সাংকেতিক ফলক লগোৱাৰ বিপৰীতে অতি উদ্বেগজনক ভাৱে আৰি দিলে সততে চালকৰ চকুত নপৰা কেইডালমান ফিটা । যাকলৈ এতিয়া কোনো বাহন তথা পথচাৰী অনাকাংক্ষিত বিপদ অথবা দুৰ্ঘটনাত পতিত হোৱাৰ আশংকা প্ৰকাশ কৰিছে স্থানীয় সচেতন ৰাইজে ।

অৱশ্যে চামগুৰিৰ মাজেৰে পাৰহৈ যোৱা চাৰি লেন যুক্ত ৰাষ্ট্ৰীয় ঘাই পথ চোৱাৰ বিসংগতিপূৰ্ণ নিৰ্মাণকাৰ্য চৰকাৰে শীঘ্ৰেই দৃষ্টিগোচৰ কৰিব বুলি আশা কৰিছে ৰাইজে । সংশ্লিষ্ট নিৰ্মাণৰত কোম্পানীৰ মইমতালি বন্ধ কৰাৰ লগতে নাগৰিকৰ সুৰক্ষাৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ কোম্পানীটোক চৰকাৰে বাধ্য কৰিব বুলিও দাবী জনাইছে ৰাইজে । অতি শীঘ্ৰে এই ক্ষেত্ৰত চৰকাৰৰ হস্তক্ষেপ দাবী কৰিছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক :অসমত আৰম্ভ হ'ব ভিষ্টাড'ম ৰে’ল সেৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.