ETV Bharat / state

তেতেলীসৰাত গণ শিল্পী সূৰ্য দাসৰ খাদ্য সামগ্ৰী বিতৰণ - Cultural icon Surya Das distributed food among needy people

আৰ্তজনক খাদ্য বিতৰণ কৰিবলৈ আহি চকু সেমেকি উঠে ল'ৰালি কালত নিশাৰী নৈ বুকুত সাতুৰি নাদুৰি ডাঙৰ হোৱা গণ শিল্পী সূৰ্য দাসৰ ৷

Cultural icon Surya Das distributed food among needy people at Tetelisora of Nagaon
তেতেলীসৰাত গণ শিল্পী সূৰ্য দাসৰ খাদ্য সামগ্ৰী বিতৰণ
author img

By

Published : May 17, 2020, 8:03 PM IST

বঢ়মপুৰ, 17 মে': লক ডাউনৰ সময়ছোৱাত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ৰাজ্যৰ হাজাৰ দৰিদ্ৰ পৰিয়ালৰ মাজত ৷ আৰ্তজনক সহায় কৰিবলৈ আগবাঢ়ি আহিছে ইজনৰ পিছত সিজন সুহৃদয় লোক ৷ দেওবাৰে নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ তেতেলীসৰাত খাদ্য সামগ্ৰী বিতৰণ কৰে মীন বিভাগৰ জ্যেষ্ঠ বিষয়া পদ্মকান্ত হাজৰিকাই ৷ পদ্মকান্ত হাজৰিকাৰ লগতে খাদ্য উপস্থিত থাকে গণ শিল্পী সূৰ্য দাস ৷ আৰ্তজনক খাদ্য বিতৰণ কৰিবলৈ আহি চকু সেমেকি উঠে ল'ৰালি কালত নিশাৰী নৈ বুকুত সাতুৰি নাদুৰি ডাঙৰ হোৱা গণ শিল্পী সূৰ্য দাসৰ ৷

তেতেলীসৰাত গণ শিল্পী সূৰ্য দাসৰ খাদ্য সামগ্ৰী বিতৰণ

ইয়াৰ পাছতে মানুহৰ গান গাই গাই শিল্পী জনে আনজন তেতেলিসৰাৰ সন্তান পদ্ম হাজৰীকাৰ লগ হৈ নিজ জন্মভূমিৰ গৃহ বন্দী ৰাইজৰ মাজত বিতৰণ কৰে খাদ্য সামগ্ৰী ৷ উল্লেখ্য যে, কৰ্মসূত্ৰে গুৱাহাটীত থকা মীন বিষয়াজনে লগত খাদ্য সামগ্ৰী লৈ নিজ জন্মভূমিৰ তেতেলিসৰাত দ্বিতীয় বাৰৰ বাবে আৰ্তজনৰ মাজত বিতৰণ কৰে চাউল, দালি, আলু, পিঁয়াজ, তেল আদি খাদ্য সামগ্ৰী ৷

তেতেলীসৰাত আৰ্তজনক খাদ্য বিতৰণ মীন বিভাগৰ জ্যেষ্ঠ বিষয়া পদ্মকান্ত হাজৰিকাৰ

উল্লেখ্য যে, মুঠ 12 খন গাঁৱৰ প্ৰায় 5 শতাধিক পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণৰ বাবে প্ৰস্তুতি চলোৱাৰ কথা উল্লেখ কৰে মীন বিভাগৰ জ্যেষ্ঠ বিষয়া পদ্মকান্ত হাজৰিকাই ৷

লগতে পঢ়কঃ ৰাজহুৱা খণ্ডৰ উদ্যোগৰ ব্যক্তিগতকৰণৰ বিৰোধীতা দেৱব্ৰত শইকীয়াৰ

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.