ETV Bharat / state

Arupjyoti Saikia is no more: সাংস্কৃতিককৰ্মী অৰূপজ্যোতি শইকীয়াৰ অকাল বিয়োগ

কলিয়াবৰৰ উদীয়মান সাংস্কৃতিককৰ্মী অৰূপজ্যোতি শইকীয়াৰ বিয়োগ । কলিয়াবৰৰ বিভিন্ন ব্যক্তি-অনুষ্ঠানৰ শোক প্ৰকাশ । হৃদৰোগত আক্ৰান্ত হৈ ৪০ বছৰ বয়সত ইহলীলা সম্বৰণ কৰে শইকীয়া । অঙ্কীয়া ভাওনাৰ সুদক্ষ ভাৱৰীয়াগৰাকীৰ মৃত্যুত শোকস্তব্ধ সাংস্কৃতিক মহল ।

Cultural activist Arupjyoti Saikia passes away
সাংস্কৃতিককৰ্মী অৰূপজ্যোতি শইকীয়াৰ অকাল বিয়োগ
author img

By ETV Bharat Assamese Team

Published : Sep 8, 2023, 10:43 PM IST

কলিয়াবৰ,৮ ছেপ্টেম্বৰ: কলিয়াবৰৰ শাকমুঠি গাঁৱৰ সমাজকৰ্মী, উদীয়মান সাংস্কৃতিক কৰ্মী, অঙ্কীয়া ভাওনাৰ সুদক্ষ কুশীলৱ অৰূপজ্যোতি শইকীয়াৰ আজি প্ৰায় ১ বজাত হৃদৰোগত আক্ৰান্ত হৈ ৪০ বছৰ বয়সত আকস্মিকভাৱে বিয়োগ হয় । কলিয়াবৰৰ সামাজিক, সাংস্কৃতিক, ধৰ্মীয় অনুষ্ঠানৰ লগত ওতঃপ্ৰোতভাৱে জড়িত থকা উদীয়মান যুৱকগৰাকী অঙ্কীয়া ভাওনাৰ সুদক্ষ ভাৱৰীয়া আছিল ।

সাংস্কৃতিককৰ্মী অৰূপজ্যোতি শইকীয়াৰ অকাল বিয়োগ
সাংস্কৃতিককৰ্মী অৰূপজ্যোতি শইকীয়াৰ অকাল বিয়োগ
সাংস্কৃতিককৰ্মী অৰূপজ্যোতি শইকীয়াৰ অকাল বিয়োগ
সাংস্কৃতিককৰ্মী অৰূপজ্যোতি শইকীয়াৰ অকাল বিয়োগ

কলিয়াবৰ জিলা সত্ৰ মহাসভাৰ অন্যতম যুৱানুষ্ঠান সমন্বিত যুৱতীৰ্থ কলিয়াবৰৰ জন্মলগ্নৰ পৰাই জড়িত থকাৰ লগতে বৰ্তমান উপ-সভাপতিৰূপে দায়িত্ব পালন কৰি কলিয়াবৰৰ বিভিন্ন অঞ্চলৰ যুৱকসকলক একত্ৰিত কৰি এক সাংস্কৃতিক অনুষ্ঠান গঠনৰ বাবে অহোপুৰুষাৰ্থ প্ৰচেষ্টা কৰি আহিছিল । দক্ষযজ্ঞ নাটত শিৱ, ৰাম বিজয়ত জনক, নৃসিংহ যাত্ৰাত জয়-বিজয়কে প্ৰমুখ্য কৰি শতাধিক নাটত বিভিন্ন চৰিত্ৰত ভাও দি কলিয়াবৰৰ বিভিন্ন অনুষ্ঠানৰ লগতে অসম তথা ভাৰতৰ বিভিন্ন স্থানত সুদক্ষ অভিনয় কৰি ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল ।

নিজৰ শাকমুঠি গাঁৱৰ সামাজিক, সাংস্কৃতিক, ধৰ্মীয়, ক্ৰীড়া অনুষ্ঠানতো ওতঃপ্ৰোতভাৱে জড়িত থাকি কাম কৰা সদা হাস্যমুখী, বিনয়ী, সৰবৰহী যুৱকজনৰ আকস্মিক বিয়োগত অঞ্চলটোৰ ৰাইজ শোকাস্তব্ধ হৈ পৰে । এটা ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰত হৈয়ো সমাজৰ বাবে কাম কৰা উদীয়মান সাংস্কৃতিক কৰ্মীগৰাকীৰ বিয়োগত মন্ত্ৰী কেশৱ মহন্ত, সমন্বিত যুৱতীৰ্থ কলিয়াবৰৰ উপদেষ্টা প্ৰমুখ্য কৰি সমন্বিত যুৱতীৰ্থ, কলিয়াবৰৰ সকলো বিষয়ববীয়া-সদস্য, কলিয়াবৰ জিলা সত্ৰ মহাসভা,কলিয়াবৰ প্ৰেছ ক্লাৱ, শাকমুঠি গাঁৱৰ ৰাইজ, যুৱক-যুৱতীকে প্ৰমুখ্য কৰি কলিয়াবৰৰ বিভিন্ন ব্যক্তি-অনুষ্ঠানে শোক প্ৰকাশ কৰে । মৃত্যুৰ সময়ত তেখেতে পিতৃ, পত্নী, দুই কণমানি পুত্ৰ, ইষ্ট-কুটুম্ব ইহ সংসাৰত এৰি থৈ যায় ।

লগতে পঢ়ক: Bhupen Hazarika birth anniversary: মৰিগাঁৱত গীতে-মাতে সুধাকণ্ঠৰ ৯৭ সংখ্যক জন্মবাৰ্ষিকী উদযাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.