ETV Bharat / state

5 বছৰৰ মূৰত আৰক্ষীয়ে আটক কৰিলে ব্ৰইলাৰক

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁই(Rajen Gohain)ৰ বাসগৃহত গ্ৰেণেড(Granade) নিক্ষেপ কৰা দুই অপৰাধী(Criminal)ক আটক নগাঁও আৰক্ষী(Nagaon Police)ৰ ৷ দেওবাৰে নিশা ডকাইতিৰ পৰিকল্পনা কৰি থাকোতেই কুখ্য়াত অপৰাধী দুটাক আটক কৰে আৰক্ষীয়ে ৷

criminal-arrested-for-throwing-a-granade-at-former-minister-rajen-gohains-residence
ৰাজেন গোহাঁইৰ বাসগৃহত গ্ৰেণেড নিক্ষেপ কৰা দুই অপৰাধী আটক
author img

By

Published : Aug 9, 2021, 2:17 PM IST

নগাঁও , 9 আগষ্ট : অৱশেষত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁই(Rajen Gohain)ৰ বাসগৃহত গ্ৰেণেড(Granade) নিক্ষেপ কৰা দুই অপৰাধী(Criminal)ক 5 বছৰৰ অন্তত আটক কৰিলে নগাঁও আৰক্ষী(Nagaon Police)য়ে ৷ নগাঁৱত দেওবাৰে নিশা ডকাইতিৰ পৰিকল্পনা কৰি থাকোতেই আৰক্ষীৰ জালত বন্দী হয় কুখ্যাত অপৰাধী দুটা ৷

ৰাজেন গোহাঁইৰ বাসগৃহত গ্ৰেণেড নিক্ষেপ কৰা দুই অপৰাধী আটক

নগাঁৱৰ জুৰীয়াৰ ইজ্জত আলী ওৰফে ব্ৰইলাৰৰ লগতে ছাইদুল ইছলামক বিচাৰি আৰক্ষীয়ে দীৰ্ঘদিনৰ পৰাই অভিযান চলাই আছিল যদিও আটক কৰিবলৈ সক্ষম হোৱা নাছিল । জুৰীয়াৰ সুঁতিৰপাৰত ডকাইতি কৰিবলৈ খাপ পিটি থকাৰ সময়তে অপৰাধী দুটাৰ উপস্থিতিৰ উমান লাভ কৰি আৰক্ষীয়ে অভিযান চলায় ৷

আটকাধীন ডকাইত দুটাই পেট্ৰ’ল পাম্পৰ ডকাইতিকে ধৰি কেবাটাও অপৰাধৰ সৈতে জড়িত থকা বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ পাইছে ৷ নগাঁও আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাৰ লগতে নগাঁও নগৰ আৰক্ষীৰ উপ পৰিদৰ্শক কুন্দন ৰবি দাসৰ নেতৃত্বত চলিছিল এই অভিযান ৷

লগতে পঢ়ক : বিজনীত ড্ৰাগছসহ আটক সৰবৰাহকাৰী

ধৃত ব্ৰইলাৰ আৰু ইজ্জত আলীৰ পৰা আৰক্ষীৰ দলটোৱে এটা পইণ্ট 22 পিষ্টল আৰু 5 জাঁই সজীৱ গুলি জব্দ কৰিবলৈ সক্ষম হয় । পূৰ্বৰে পৰা দুই অপৰাধী ব্ৰইলাৰ আৰু ছাইদুলৰ বিৰুদ্ধে বিভিন্ন আৰক্ষী থানাত কেইবাটাও অপৰাধৰ গোচৰ ৰুজু হোৱা বুলি জানিব পৰা গৈছে । সম্প্ৰতি দুয়োকে থানাত মাৰাথান জেৰা অব্যাহত ৰাখিছে নগাঁও আৰক্ষীয়ে ।

উল্লেখ্য যে, 2016 চনতে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁইৰ বাসগৃহত গ্ৰেণেড নিক্ষেপ কৰা ঘটনাত আৰু তিনিজনকৈ লোক জড়িত থকাৰ তথ্যও লাভ কৰিছে আৰক্ষীয়ে । পৰৱৰ্তী সময়ত আৰক্ষীৰ অভিযানত পোহৰলৈ আহিব ৰাজেন গোহাঁইৰ ঘৰত গ্ৰেণেড নিক্ষেপ কৰা ঘটনাৰ সৈতে জড়িত আটাইকেইটা অপৰাধীৰ নাম ।

লগতে পঢ়ক : পেঞ্চনভোগীক উৎকোচ বিচাৰি আটক হ’ল শিক্ষা বিভাগৰ কৰ্মচাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.