ETV Bharat / state

আইন ভংগকাৰীৰ পৰা জৰিমনা সংগ্ৰহ বাগৰি আৰক্ষীৰ

author img

By

Published : Jul 17, 2021, 4:21 PM IST

কলিয়াবৰত আৰক্ষীৰ ব্যাপক তৎপৰতা ৷ হেলমেট, মাস্ক পৰিধান নকৰাকৈ মুকলি বিচৰণ কৰা বহুজনক জৰিমনা বিহে আৰক্ষীয়ে ৷ একেটা দিনতে আৰক্ষীয়ে উদ্ধাৰ কৰিলে বুজন পৰিমাণৰ সুৰা ৷

covid-violator-fined-and-wine-seized-at-kaliabor
কলিয়াবৰ আৰক্ষীৰ প্ৰশংসনীয় তৎপৰতা

কলিয়াবৰ, 17 জুলাই : কলিয়াবৰৰ বাগৰি আৰক্ষীয়ে ক’ভিড নীতি(covid protocol) ভংগকাৰীৰ পৰা সংগ্ৰহ কৰিলে জৰিমনা ৷ মাস্ক আৰু হেলমেট পৰিধান নকৰাকৈ মুকলিকৈ ঘূৰি ফুৰাৰ বাবে বাইক-স্কুটী আৰোহীসকলক জৰিমনা বিহে বাগৰী আৰক্ষীয়ে ৷ চৰকাৰ তথা জিলা প্ৰশাসনে আৰোপ কৰা নিয়ম-নীতিৰ প্ৰতি কাণসাৰ নিদিয়াকৈ এইদৰে অবাধ বিচৰণ কৰা লোকসকলৰ বিৰুদ্ধে অধিক কঠোৰ হৈছে কলিয়াবৰৰ বাগৰী আৰক্ষী ।

অকল জৰিমনা বিহাতে সীমাৱদ্ধ নাথাকি সকলোকে মাস্ক পৰিধান কৰিবলৈ অনুৰোধ জনাইছে আৰক্ষীয়ে ৷ লগতে বাইক-স্কুটী আৰোহীক হেলমেট পৰিধান কৰিহে ৰাজপথত ওলাবলৈ আহ্বান জনায় । নীতি অমান্যকাৰীসকলৰ বিৰুদ্ধে আৰক্ষী তৎপৰ হোৱাৰ উপৰিও দায়িত্ববোধৰ পৰিচয় দি ৰাইজক সজাগ কৰাৰ প্ৰচেষ্টা চলোৱাৰ বাবে আৰক্ষী চকীখনৰ শলাগ লৈছে সচেতন ৰাইজে ৷

কলিয়াবৰ আৰক্ষীৰ প্ৰশংসনীয় তৎপৰতা

একেদিনাই মিচা আৰক্ষী চকীয়ে হাতীগাঁও বাগিচা অঞ্চলৰ পৰা জব্দ কৰে বুজন পৰিমাণৰ সুৰা ।

অৱশ্যে আৰক্ষীৰ আগমনৰ উমান পাই পলাই যায় দিলীপ কুমাৰ গুপ্তা নামৰ সুৰা বেপাৰীজন । সান্ধ্য আইন, লক ডাউনৰ সুযোগ বুজি এচাম দুষ্ট চক্ৰই অবৈধভাৱে বিক্ৰী কৰি আছে সুৰা । ক’ভিড নীতি উলংঘাকাৰী(covid protocol breakers) তথা লক ডাউন(lockdown)ৰ সময়ত অবৈধভাৱে বিক্ৰী কৰা সুৰাৰ বেপাৰীৰ বিৰুদ্ধে কঠোৰ হৈছে কলিয়াবৰৰ আৰক্ষী-প্ৰশাসন ।

লগতে পঢ়ক : আৰক্ষীৰ জালত কিডনী ব্যৱসায়ী চক্ৰৰ অন্যতম অভিযুক্ত নিতু দাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.