ETV Bharat / state

নগাঁৱৰ ক’ভিড ভেকচিন কেন্দ্ৰ পৰিদর্শন মন্ত্ৰী পীযুষ হাজৰিকাৰ - water resource minister piyush

নগাঁও জিলাৰ ক’ভিড ১৯ ৰ টীকাকৰণ ব্যৱস্থাৰ বুজ ল’লে অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকাই ৷ চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী তথা নগাঁও জিলা প্ৰশাসনৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকাই জিলাখনৰ কেইবাটাও ক’ভিড ১৯ ৰ টীকাকৰণ কেন্দ্ৰত উপস্থিত হৈ কেন্দ্ৰীয় চৰকাৰে সোমবাৰৰ পৰা আৰম্ভ কৰা “সকলোৰে বাবে বিনামূলীয়া টীকাকৰণ” অভিযানৰ বুজ লয় ৷

নগাঁৱৰ ক’ভিড ভেকচিন কেন্দ্ৰ পৰিদর্শন মন্ত্ৰী পীযুষ হাজৰিকাৰ

author img

By

Published : Jun 22, 2021, 4:31 PM IST

নগাওঁ, 22 জুন : কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশমৰ্মে সোমবাৰৰ পৰা ৰাজ্যজুৰি আৰম্ভ হৈছে মেগা ভেকচিনেচন ড্ৰাইভ ৷ ইয়াৰ মাজতে সোমবাৰে পুৱা কলিয়াবৰত উপস্থিত হয় ৰাজ্যৰ জলসম্পদ মন্ত্ৰী তথা নগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকা ৷ মন্ত্ৰীগৰাকীৰ সৈতে কলিয়াবৰৰ বিধায়ক তথা স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই জিলাখনৰ কেইবাটাও ক’ভিড ১৯ ৰ টীকাকৰণ কেন্দ্ৰত উপস্থিত হৈ জিলাখনত কেন্দ্ৰীয় চৰকাৰে সোমবাৰৰ পৰা আৰম্ভ কৰা “সকলোৰে বাবে বিনামূলীয়া টীকাকৰণ” অভিযানৰ বুজ লয় ।

নগাঁৱৰ ক’ভিড ভেকচিন কেন্দ্ৰ পৰিদর্শন মন্ত্ৰী পীযুষ হাজৰিকাৰ
নগাঁৱৰ ক’ভিড ভেকচিন কেন্দ্ৰ পৰিদর্শন মন্ত্ৰী পীযুষ হাজৰিকাৰ

উল্লেখযোগ্য যে, জিলাখনত অৰ্ধ শতাধিক কেন্দ্ৰত ক’ভিড ১৯ ৰ টীকাকৰণৰ ব্যৱস্থা কৰা হৈছে ৷ মন্ত্ৰী পীযুষ হাজৰিকাই সোমবাৰে বিয়লি কলিয়াবৰ অঞ্চলৰ কেইবাটাও টীকাকৰণ কেন্দ্ৰ পৰিদৰ্শন কৰি টীকাকৰণৰ সমগ্ৰ কাৰ্যসূচী তথা ব্যৱস্থাৱলী পৰ্যবেক্ষণ কৰে ৷ কেলিডেন চাহ বাগিচাৰ টীকাকৰণ কেন্দ্ৰ পৰিদৰ্শন কৰি মন্ত্ৰী গৰাকীয়ে সাংবাদিকৰ আগত উল্লেখ কৰে যে অধিক সংখ্যক মানুহে ক’ভিডৰ প্ৰতিষেধক গ্ৰহণ কৰিবলৈ ওলাই অহাটো এটা শুভ লক্ষণ ৷

আনহাতে, কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰে ব্যাপক হাৰত আৰম্ভ কৰা ক’ভিড ১৯ ৰ টীকাকৰণৰ বাবে আৰু অধিক সংখ্যক মানুহক ওলাই আহিবলৈ মন্ত্ৰীগৰাকীয়ে সকলোকে আহ্বান জনায় ৷

covid-vaccination-centre-inspection-by-piyush-hazarika

স্বাস্থ্য বিভাগে গৃহ আছুতীয়াকৰণৰ ক্ষেত্ৰত অধিক সতৰ্ক হোৱা বুলি উল্লেখ কৰে ৷ মন্ত্ৰীগৰাকীয়ে ক’ভিড কেয়াৰ চেণ্টাৰ অথবা চিকিৎসালয়লৈ যোৱাৰ বাবে মানুহে মন নকৰা বাবেই ক’ভিডত আক্ৰান্তৰ সংখ্যা কিছু পৰিমাণে বৃদ্ধি পাইছিল বুলি মন্তব্য কৰে ৷ মন্ত্ৰীগৰাকীৰ পৰিদৰ্শন কালত অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তসহ চিকিৎসা শিক্ষা সঞ্চালকালয়ৰ আয়ুক্ত, ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ মুখ্য সঞ্চালক, স্বাস্থ্য সেৱা সঞ্চালকালয়ৰ আয়ুক্ত, পৰিয়াল কল্যাণ বিভাগৰ আয়ুক্ত, নগাঁও জিলাৰ উপায়ুক্ত আৰু আন বিষয়াসকল উপস্থিত থাকে ৷

লগতে পঢ়ক : চামগুৰি উন্নয়ন খণ্ডৰ কাৰ্যালয়ত বিজেপি-কংগ্ৰেছ কৰ্মীৰ মাজত সংঘৰ্ষ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.