কলিয়াবৰ, 19 এপ্ৰিল : দেশত দ্ৰুত হাৰত বৃদ্ধি পাবলৈ ক'ৰণা আক্ৰান্ত লোকৰ সংখ্যা ৷ ইয়াৰ সামন্তৰালভাৱে অসমটো এক আতংকময় পৰিবেশ সৃষ্টি হৈছে ৷ ৰাজ্যখনৰ প্ৰতিখন জিলাতে ক্ৰমাৎ বৃদ্ধি পাইছে ক'ৰণা আক্ৰান্ত লোকৰ সংখ্যা ৷ গুৱাহাটীত সৰ্বাধিক হাৰত বৃদ্ধি পাইছে ক'ৰণা আক্ৰান্ত সংখ্যা ৷
ঠিক সেইদৰে নগাঁও জিলাৰ শিলঘাট ৰে'ল ষ্টেচনত পুনৰ এগৰাকী দেহত ক'ৰণা উপস্থিতি পোৱা যায় ৷ ৰাজ্যৰাণী এক্সপ্ৰেছৰ যাত্ৰী গৰাকীক শিলঘাট ৰেল ষ্টেচনত স্বাস্থ্য বিভাগে কৰা পৰীক্ষাত ক'ৰণা উপস্থিতি পোৱা যায় । 70 বছৰীয়া আব্দুল জলিল নামৰ যাত্ৰী গৰাকীৰ ঘৰ নগাঁৱৰ কচলুখোৱা ইছলাম পট্টিত বুলি জানিব পৰা গৈছে । শিলঘাটৰ অশোকাষ্টমী মেলালৈ বুলি আহিছিল ব্যক্তিজন ৷
স্বাস্থ্য বিভাগে জানিবলৈ দিয়া অনুসৰি ইয়াৰ পূৰ্বেও ৰাজ্যৰাণী একপ্ৰেছত অহা এগৰাকী মহিলাৰ দেহত ক'ৰণা উপস্থিতি পোৱা গৈছিল ৷ শিলঘাট ৰে'ল ষ্টেচনত এই দ্বিতীয় ক'ৰণা পজিটিভ বুলি জানিবলৈ দিয়ে স্বাস্থ্য বিভাগে ৷ ইয়াৰ লগে লগে কলিয়াবৰত ক'ভিড পজিটিভ সংখ্যা ১৫ জনলৈ বৃদ্ধি পায় ৷
লগতে পঢ়ক: ক’ৰণাৰ ভয়াৱহতা : ক্ষুদ্ৰ নিৰ্বাচনী সভা অনুষ্ঠিত কৰিব তৃণমূল কংগ্ৰেছে