ETV Bharat / state

এটুপি খোৱা পানীৰ বাবেও হাহাকাৰ ক’ভিড কেয়াৰ কেন্দ্ৰত

author img

By

Published : May 22, 2021, 9:22 PM IST

নগাঁও জিলাৰ আমলখি চাহ বাগিচাৰ অন্তৰ্গত আমলখি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ক’ভিড কেয়াৰ কেন্দ্ৰত নূন্যতম সা-সুবিধাও লাভ কৰা নাই আক্ৰান্ত লোকে ৷ এটুপি খোৱা পানীৰ বাবেও হাঁহাকাৰ কৰিব লগীয়া হৈছে ক’ভিড আক্ৰান্ত লোকে ৷

covid patients are not getting basic facilities
এটুপি খোৱা পানীৰ বাবেও আক্ৰান্তই হাঁহাকাৰ কৰিছে ক’ভিড কেয়াৰ কেন্দ্ৰত

চামগুৰি, 22 মে’: নগাঁও জিলাৰ আমলখি চাহ বাগিচাত অৱস্থিত আমলখি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ৬৯ খন বিচনাযুক্ত ক’ভিড কেয়াৰ কেন্দ্ৰত সম্প্ৰতি সমস্যাৰ সন্মুখীন হৈছে বহু সংখ্যক ক’ভিড আক্ৰান্ত লোক ৷

ফলস্বৰূপে আক্ৰান্ত লোক সকলক পৰিয়ালৰ লোকে আহাৰৰ যোগান ধৰিব লগা অৱস্থাৰ সৃষ্টি হৈছে ৷ ইয়াৰ লগতে, এটুপি খোৱা পানীৰ বাবেও এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে এই সকল ক’ভিড আক্ৰান্তই ৷

লক্ষণীয়ভাৱে, অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছাৰ বিষয়ৱবীয়া সকলে শনিবাৰে পুৱা ক’ভিড কেয়াৰ কেন্দ্ৰটোৰ অৱস্থাৰ বুজ ল’বলৈ যোৱাত সমগ্ৰ ঘটনা পোহৰলৈ আহে ৷

উল্লেখ্য যে, বাগিছাৰ কৰ্তৃপক্ষই যাৱতীয় সকলোখিনি ব্যৱস্থা গ্ৰহণ কৰিছে যদিও এতিয়াও চৰকাৰী ব্যৱস্থাপনা যথেষ্ট ত্ৰুটিপূৰ্ণ হৈ আছে ৷ এই ক্ষেত্ৰত ছাত্ৰ সংগঠনটোৱে অসম চৰকাৰৰ স্বাস্থ্য বিভাগক চিকিৎসাৰ নিয়মীয়া ব্যৱস্থাৰ লগতে তাৎক্ষণিক ভাৱে সমস্যাৰ সামাধান কৰিবলৈ আহ্বান জনাইছে ৷

লগতে পঢ়ক :সোঁ-শৰীৰে স্ব-গৃহলৈ ৰিতুল শইকীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.