নগাঁও, 28 এপ্ৰিল : ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে নগাঁৱতো ভয়াৱহ ৰূপ ধাৰণ কৰিছে মহামাৰী কৰ'ণা ভাইৰাছৰ দ্বিতীয়টো ঢৌৱে ৷ কৰ'ণা মহামাৰীৰ বৰ্ধিত সংক্ৰমণৰ মাজতে মৃত্যুক সাৱটি ল'লে এগৰাকী ন-বোৱাৰীয়ে ৷ জানিব পৰা মতে, মাত্ৰ ৯ দিন পূৰ্বে নগাঁৱৰ চকলাঘাটৰ যাদৱ ভূঞা নামৰ এজন যুৱকৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল জাগীৰোডৰ বনলক্ষী ভূঞা।
কিন্তু দুৰ্ভাগ্যজনকভাৱে বিবাহৰ পিছতেই ক'ভিড19ত আক্ৰান্ত হয় স্বামী যাদৱ ভূঞাসহ বনলক্ষী ভূঞা ৷ ইয়াৰ পিছতে স্বামীৰ সৈতে একেলগে মঙলবাৰে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ক'ভিড ৱাৰ্ডত ভৰ্তি কৰোৱা হয় বনলক্ষী ভূঞাক ৷ কিন্তু গাৰ পৰা মাহ-হালধিৰ গোন্ধ নৌযাওতেই বুধবাৰে পুৱা মৃত্যু হয় ন-বোৱাৰী বনলক্ষী ভূঞাৰ ৷ এই ঘটনাৰ পিচতে সমগ্ৰ অঞ্চলতে এতিয়া বিৰাজ কৰিছে শোকাকুল পৰিৱেশে ৷