নগাঁও,1 এপ্ৰিলঃ মানৱ সমাজৰ এনে এক জটিল সময়ত এনেধৰণৰ কথাক লৈ সমালোচনাত মুখৰ হোৱাতকৈ তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা আৰু উচিত চিকিৎসা কৰাটো জৰুৰী বুলি জনাইছে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে ৷ দিল্লীৰ নিজামুদ্দিনৰ জামাতত ভাৰতৰ বিভিন্ন প্ৰান্তৰ লগতে অসমৰো দুই শতাধিকৰো অধিক জনতাই অংশগ্ৰহণ কৰা বিষয়টোক বহুজনে সমালোচনা কৰাৰ বাবে তেওঁ এই ঘটনাক ইছ্যু কৰিব নালাগে বুলি মন্তব্য কৰে ৷ ৰাজ্যৰ বাহিৰলৈ যোৱা লোকসকলৰ সকলোকে একেই ব্যৱস্থা কৰিব লাগে বুলি জনোৱাৰ লগতে সকলোৰে স্বাস্থ্য পৰীক্ষা কৰি কোৱাৰেন্টাইনত ৰাখিব বুলি লাগে মন্তব্য কৰে কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে ৷
লগতে পঢ়কঃকোভিড-19ৰ বিৰুদ্ধে যুজিবলৈ ৰামজী ৰাওৱে আগবঢ়ালে 20 কোটি