কলিয়াবাৰ,24 ছেপ্তেম্বৰ : কলিয়াবৰ জনস্বাস্থ্য কাৰিকৰী সংমণ্ডলৰ অন্তৰ্গত কুঢ়িমাৰি গাঁৱত পানীৰ টেপৰ গৃহ সংযোগৰ নামত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি ৷ আঁচনিৰ কাম চোৱা-চিতা কৰিবলৈ আহৰি নাই বিভাগীয় বিষয়া-অভিযন্তাৰ ৷ যাৰ ফলত জল জীৱন মিছন আঁচনি ৰূপায়নত ব্যাপক অনিয়ম সংঘটিত হৈছে ৷ ঘৰৰ পদূলিত পানী টেপৰ সংযোগ লাভ কৰি বিপাঙত পৰিছে সৰ্বসাধাৰণ ৰাইজ ৷ জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু ঠিকাদাৰৰ কৃপাত জল জীৱন আঁচনিয়ে এতিয়া একাংশৰ বাবে জল জঞ্জালৰ ৰূপ লৈছে ৷
উল্লেখ্য যে, বিভাগীয় নীতি-নিৰ্দেশনাক অমান্য কৰি পানীৰ নলাসমূহ সংযোগ কৰি ইতিমধ্যেই ঠিকাদাৰ গোষ্ঠীয়ে দায়িত্ব সামৰিলে ৷ আনহাতে জনস্বাস্থ্য কাৰিকৰী বিভাগেও নলাৰে সংযোজিত হোৱা ব্যক্তিসকলৰ পৰা যাৱতীয় নথি-পত্ৰ লৈ দায়িত্ব সামৰিছে বুলি অভিযোগ উঠিছে ৷ কিন্তু টেপসমূহ সঠিকভাৱে স্থাপন নোহোৱাত এই পৰ্যন্ত পানী লাভ কৰা নাই ৰাইজে ৷ মুঠতে চূড়ান্ত বেমেজালিৰ মাজেৰে এই মিছনৰ কাম-কাজ চলি আছে ৷
কিন্তু ইয়াৰ মাজতে কেন্দ্ৰীয় চৰকাৰৰ পৰা ৰাজ্য চৰকাৰলৈকে সকলো জল জীৱন মিছনৰ প্ৰশস্তি গোৱাত ব্যস্ত ৷
উল্লেখযোগ্য যে,"জল জীৱন মিছন, ঘৰে ঘৰে বিশুদ্ধ পানী" শীৰ্ষক এই অভিলাষী আঁচনিৰ অন্তৰ্গত অসমৰ প্ৰতিটো সমষ্টিৰে সম্পূৰ্ণ হোৱা আঁচনিসমূহ যোৱা 31 আগষ্ট তাৰিখে আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছিল ৷ 2024 চনৰ ভিতৰত ৰাজ্যৰ প্ৰতিটো পৰিয়ালকে পৰ্যাপ্ত পৰিমাণৰ আৰু নিৰ্ধাৰিত গুণ সম্পন্ন খোৱাপানী যোগানৰ উদ্দেশ্যে অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে আৰম্ভ কৰা ‘জল জীৱন মিছন’ৰ প্ৰথম পৰ্যায়ত শুকুৰবাৰে ৰাজ্যত সম্প্ৰদান অনুষ্ঠান অনুষ্ঠিত হৈছে ৷
চৰকাৰী তথ্য মতে, অসমত প্ৰায় আঠ লাখ পৰিয়ালত জল জীৱন মিছনৰ জৰিয়তে বিশুদ্ধ খোৱা পানীৰ সংযোগ কৰা হৈছে ৷ অসমৰ বাবে নিৰ্ধাৰণ কৰা 5601.16 কোটি টকাৰ এই বৃহৎ পৰিমাণৰ ধনৰ আঁচনিৰ এই সংযোগ কিমান মান বিশিষ্ট তথা সংযোগত কিমান চৰকাৰী নীতি-নিয়ম পালন কৰা হৈছে সেইয়া এই মূহুৰ্তত ডাঙৰ প্ৰশ্ন ৷ ইতিমধ্যে 3277 কোটি টকাৰ প্ৰথম পৰ্যায়ৰ সমাপ্তিৰ পাছতেই শুকুৰবাৰে ৰাজ্যজুৰি সম্প্ৰদান অনুষ্ঠান অনুষ্ঠিত হৈছে ৷
লগতে পঢ়কঃ গৰুখুটিকাণ্ডৰ পাছতে বৰপেটাত 144 ধাৰা জাৰি