ETV Bharat / state

কামপুৰত পথ নিৰ্মাণত দুৰ্নীতি: চপৰা-চপৰে উঠি গৈছে ব্লেক টেপিং - corruption

কামপুৰ লুটুমাৰী লংজাপ মাজগাঁৱৰ চাৰিআলিৰ পৰা চাঙখোলা দলঙলৈ যোৱা পথচোৱাত নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে ঠিকাদাৰ আৰু অভিযন্তাৰ বিৰুদ্ধে ৷ চিগনেছাৰ প্ৰজেক্টৰ নামৰ নিৰ্মাণ প্ৰতিষ্ঠানটোৱে নিৰ্মাণ কৰা পথচোৱাত নিৰ্মাণৰ দুদিন নহওঁতেই পথটোৰ পৰা চপৰা-চপৰে উঠি গৈছে ব্লেক টেপিং সমূহ ৷ যাৰ ফলত ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ ৷

Corruption in construction of Kampur road
কামপুৰতপথ নিৰ্মাণত দুৰ্নীতি:চপৰা-চপৰে উঠি গৈছে ব্লক টপিং
author img

By

Published : May 26, 2021, 8:56 PM IST

Updated : May 26, 2021, 10:00 PM IST

বঢ়মপুৰ, 26মে': নগাঁৱৰ কামপুৰ লুটুমাৰী লংজাপ মাজগাঁৱত পথ নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে ঠিকাদাৰ আৰু অভিযন্তাৰ বিৰুদ্ধে ৷ চিগনেছাৰ প্ৰজেক্টৰ নামৰ নিৰ্মাণ প্ৰতিষ্ঠানটোৱে নিৰ্মাণ কৰা মাজগাঁৱৰ চাৰিআলিৰ পৰা চাঙখোলা দলঙলৈ যোৱা পথ চোৱাত নিম্নমানৰ কাম কৰি ব্যাপক অনিয়ম সংঘটিত কৰা অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ ৰাইজৰ অভিযোগ, পথচোৱা নিৰ্মাণৰ সময়ত ব্লেক টপিং কৰাৰ আগত যিবোৰ সামগ্ৰী ব্যৱহাৰ কৰিছে সেইয়া অতি নিম্ন মানদণ্ডৰ। কাৰণ নিৰ্মাণৰ দুদিন নহওঁতেই পথটোৰ পৰা চপৰা-চপৰে উঠি গৈছে ব্লেক টেপিং সমূহ ৷ যাৰ ফলত ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ ৷

কামপুৰত পথ নিৰ্মাণত দুৰ্নীতি: চপৰা-চপৰে উঠি গৈছে ব্লক টেপিং

বুধবাৰে স্থানীয় ৰাইজ উত্তেজিত হৈ পথটোৰ ওপৰত প্ৰতিবাদ সাব্যস্ত কৰে ৷ ৰাইজে পথটো নিৰ্মাণত ব্যৱহাৰ হোৱা বাহন তথা মেচিনসমূহ জব্দ কৰি ঠিকাদাৰ, অভিযন্তাৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি পথচোৱা মেৰামতি কৰা দাবী উত্থাপন কৰাৰ লগতে ঠিকাদাৰ বাবুল নাথ আৰু অভিযন্তা গোবিন্দ সিং আহিলেহে মুকলি কৰি দিব উল্লেখ কৰে ৷

আনহাতে, পথটো নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰা অভিযোগকাৰীক ভয়-ভাবুকি প্ৰদান কৰি নিৰ্মাণ কাৰ্যসম্পূৰ্ণ কৰাৰ অভিযোগ উত্থাপন কৰি দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰ আৰু অভিযন্তাৰ বিৰুদ্ধে বিভাগীয় কৰ্তৃপক্ষক বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে অঞ্চলবাসীয়ে ৷

লগতে পঢ়ক: বান আৰু গৰাখহনীয়া বাবে আগতীয়াকৈ সাজু হৈছে জিলা প্ৰশাসন: ৰণোজ পেগু

Last Updated : May 26, 2021, 10:00 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.