ETV Bharat / state

ক'ভিডৰ বিৰুদ্ধে যুঁজ দিয়া ৰণুৱাকে স্বাস্থ্য বিভাগে কৰিলে এলাগি

author img

By

Published : Jul 1, 2020, 11:49 PM IST

কৰ্তব্য শেষ, স্বাস্থ্য কৰ্মীৰ গুৰুত্বওঁ শেষ । এগৰাকী ক'ভিড যোদ্ধা খোদ স্বাস্থ্য বিভাগৰে এগৰাকী বিষয়াৰ দ্বাৰা অপমানিত হোৱাৰ ঘটনা সংঘটিত হৈছে নগাঁও জিলাত । কেমেৰাৰ সন্মুখত কান্দি কান্দি ক্ষোভ উজাৰিলে স্বাস্থ্য কৰ্মীগৰাকীয়ে ।

corona_warrior_neglected_in nagaon
ক'ভিডৰ বিৰুদ্ধে যুঁজ দিয়া ৰণুৱাকে স্বাস্থ্য বিভাগে কৰিলে এলাগি

নগাঁও, ১জুলাই: প্ৰথমে গামোচাৰে সম্বৰ্ধনা জনাই ক'ভিড হস্পিতালত কৰ্তব্য পালনৰ দায়িত্ব দিয়া এগৰাকী স্বাস্থ্য কৰ্মীয়ে শেষত অপমান সহ্য কৰিবলগীয়াৰ দৰে এক অমানৱীয় ঘটনা সংঘটিত হৈছে নগাঁও জিলাত । বুধবাৰে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত কৰ্তব্যৰত লেবৰেটৰি টেকনিছিয়ান এগৰাকীক এসপ্তাহ দায়িত্ব পালনৰ অন্তত কোৱাৰেণ্টাইন নকৰাক লৈ ক্ষোভ লিপিকা শইকীয়া নামৰ লেবৰেটৰি টেকনিছিয়ান গৰাকীৰ ।

ক'ভিডৰ পৰীক্ষাৰ নমুনা প্ৰেৰণৰ দায়িত্বত আছিল এইগৰাকী মহিলা টেকনিছিয়ান । বুধবাৰে কৰ্তব্যৰ এসপ্তাহ সম্পূৰ্ণ হোৱাৰ পিছত কোৱাৰেণ্টাইন কৰাৰ বিপৰীতে স্বাস্থ্য কৰ্মীগৰাকীক যাবলৈ দিয়া হ'ল ঘৰলৈ । কিন্তু ক'ভিড যুদ্ধত জড়িত হৈ কোৱাৰেণ্টাইন নকৰাকৈ ঘৰলৈ যোৱাৰ নিৰ্দেশ দিয়া স্বাস্থ্য বিভাগৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে স্বাস্থ্যকৰ্মী গৰাকীয়ে ।

কেৱল এয়াই নহয় লেবৰেটৰি টেকনিছিয়ানৰ বাবে কোৱাৰেণ্টাইনৰ ব্যৱস্থা নথকাৰ কথা কৈ এগৰাকী পুৰুষৰ সৈতে একেটা কোঠাতে কোৱাৰেণ্টাইনৰ পৰামৰ্শ দিয়াৰো গুৰুতৰ অভিযোগ উত্থাপন কৰিছে এগৰাকী নডেল বিষয়াৰ বিৰুদ্ধে ।

কেমেৰাৰ সন্মুখতে চকুলু টুকি স্বাস্থ্য বিভাগৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে স্বাস্থ্য বিভাগৰ মহিলা কৰ্মচাৰী গৰাকীয়ে । অৱশেষত নগাওঁ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয় খনৰ অধীক্ষক গৰাকীৰ হস্তক্ষেপত মহিলা স্বাস্থ্য কৰ্মীগৰাকীক কৰিলে কোৱাৰেণ্টাইনৰ ব্যৱস্থা ।

ক'ভিডৰ বিৰদ্ধে যুঁজ দিয়া কৰ্মচাৰীকে খুদ স্বাস্থ্য বিভাগৰ একাংশ বৰমুৰীয়া কৰা এনে অভব্য আচৰণক এতিয়া সকলোৱে সমালোচনা কৰা পৰিলক্ষিত হৈছে ।

লগতে চাওক-এণ্টিবায়'টিক ঔষধৰ ক্ষেত্ৰত চীনৰ ওপৰত ৯৯ শতাংশ নিৰ্ভৰশীল ভাৰত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.