ETV Bharat / state

কাৰাগাৰতে চিকিৎসা আৰম্ভ কৰ’ণাত আক্ৰান্ত কয়দীৰ

author img

By

Published : Jul 19, 2020, 12:59 PM IST

সম্প্ৰতি কৰ’ণা ভাইৰাছৰ গ্ৰাসত পৰিছে নগাঁও কেন্দ্ৰীয় কাৰাগাৰ ৷ কাৰাগাৰখনৰ কেইবাগৰাকীও কয়দী এই ভাইৰাছবিধত আক্ৰান্ত হোৱা স্বত্বেও চিকিৎসা প্ৰদান কৰা হৈছে কাৰাগাৰ চৌহদতে ৷ কয়দীসকলৰ পলায়নবাদী মনোভাৱৰ বাবে এই ব্যৱস্থা গ্ৰহণ কাৰাগাৰ কৰ্তৃপক্ষৰ ৷

Corona treatment is going on under jail nagaon assam etv bharat news
নগাঁও কেন্দ্ৰীয় কাৰাগাৰ

নগাঁও,19 জুলাই: ক্ৰমাৎ নগাওঁ কেন্দ্ৰীয় কাৰাগাৰত বৃদ্ধি পাইছে কৰ’ণাত আক্ৰান্ত কয়দীৰ সংখ্যা ৷ কাৰাগাৰটোৰ এগৰাকী কয়দীৰ লগতে চিকিৎসকৰ দেহত কোভিড-19 ৰ উপস্থিতি ধৰা পৰাৰ পিছত ক্ৰমাৎ বৃদ্ধি পাইছে কৰ’ণা আক্ৰান্তৰ সংখ্যা ৷ শনিবাৰৰ দিনটোলৈকে নতুনকৈ ভাইৰাছবিধত আক্ৰান্ত হয় পাঁচগৰাকীকৈ কয়দী ৷ কাৰাগাৰ কৰ্তৃপক্ষই পোনতে আক্ৰান্ত ব্যক্তি দুগৰাকীক চিকিৎসাৰ অৰ্থে চিকিৎসালয়ত ভৰ্তি কৰিছিল যদিও সম্প্ৰতি বিপৰীত ছবি দেখা গৈছে কাৰাগাৰৰ ভিতৰচ’ৰাত ৷ সুৰক্ষাৰ স্বাৰ্থত কাৰাগাৰ কৰ্তৃপক্ষৰ লগতে স্বাস্থ্য় বিভাগে কয়দীসকলৰ চিকিৎসা আৰম্ভ কৰিছে কাৰাগাৰৰ ভিতৰতে ৷ কয়দীসকলৰ পলায়ন কৰাৰ আশংকাতে এই পন্থা গ্ৰহণ কৰিছে কাৰাগাৰ কৰ্তৃপক্ষৰ লগতে স্থানীয় আৰক্ষীয়ে ৷ কৰ’ণাত আক্ৰান্ত কয়দী কেইগৰাকীক কেন্দ্ৰ কৰি বিপাঙত পৰা কাৰাগাৰ কৰ্তৃপক্ষই ইতিমধ্যে এক আছুতীয়া কক্ষত বন্দোৱস্ত কৰিছে চিকিৎসাৰ ৷

লগতে চাওকঃ নগাঁৱৰ বৰপাথৰিত চাঞ্চল্যকৰ হত্যাকাণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.