ETV Bharat / state

শিলঘাট-ধিং সংযুক্ত মথাউৰি নিৰ্মাণত ঠিকাদাৰৰ বিৰুদ্ধে লুন্ঠনৰ অভিযোগ - মেৰামতি কাম বন্ধ

চামগুৰি শিলঘাট-ধিং সংযুক্ত মথাউৰিৰ মেৰামতিৰ নামত ঠিকাদাৰৰ অবাধ লুন্ঠন । মাটিৰ নামত বালি পেলাইছে মথাউৰিৰ স্পৰ্শকাতৰ অংশত।

contractor-charged-with-looting-in-shilghat-dhing-combined-enbankment-construction
শিলঘাট-ধিং সংযুক্ত মথাউৰি নিৰ্মাণত ঠিকাদাৰৰ বিৰুদ্ধে লুন্ঠনৰ অভিযোগ
author img

By

Published : Jun 15, 2021, 11:04 PM IST

চামগুৰি, 15 জুন : শিলঘাট-ধিং সংযুক্ত মথাউৰিৰ অতি স্পৰ্শকাতৰ অংশ নলকটাত মেৰামতিৰ নামত জলসম্পদ বিভাগৰ ঠিকাদাৰৰ বিৰুদ্ধে উঠিছে লুন্ঠনৰ গুৰুতৰ অভিযোগ । বিগত মাত্ৰ দুটা দশকত তিনিবাৰকৈ ছিগি উত্তৰ নগাঁও প্লাৱিত কৰা নলকটাত ঠিকাদাৰে পেলাইছে মাটিৰ সলনি বালি । খৰাং বতৰত প্ৰায়ে মেৰামতি কাম বন্ধ ৰখা আবুল নছৰ নামৰ চতুৰ ঠিকাদাৰ জনে বাৰিষা আগমনৰ লগে লগে হৈ মথাউৰিটো মেৰামতি কৰিবলৈ তৎপৰ হৈ উঠিছে ।

শিলঘাট-ধিং সংযুক্ত মথাউৰি নিৰ্মাণত ঠিকাদাৰৰ বিৰুদ্ধে লুন্ঠনৰ অভিযোগ

যধে-মধে পুখুৰীৰ পৰা বালি মাটি সংগ্ৰহ কৰি পেলাইছে মথাউৰিত । নলকটা অংশৰ ওখ আৰু আহল-বহল কৰাৰ বাবে ৩ কোটি ২০ লাখ টকা আৱন্টন সাপেক্ষে প্ৰস্তুত কৰা প্ৰাককলনক ভেঙুচালি প্ৰদৰ্শন কৰি ঠিকাদাৰে পালমৰা বিধৰ কাম কৰি লুন্ঠন অব্যাহত ৰখা স্বত্তেও নগাঁও জলসম্পদ বিভাগে অৱলম্বন কৰিছে নিৰ্লিপ্ত ভূমিকা । আনকি কাৰ্যবাহী অভিযন্তা, এছ ডি অ আৰু এছ অ'‌ ই একালৰ কংগ্ৰেছী ঠিকাদাৰ আবুল নছৰৰ লুন্ঠন ৰাজত হাত উজান দিয়াৰো গুৰুতৰ অভিযোগ উঠিছে ।

ইপিনে পূৱ ফুটালজাৰ গাৱৰ পৰা কালিয়াডিংগা লৈ যোৱা লোক নিৰ্মাণ বিভাগৰ মূল পথটোৰ কাম চলি থকা স্বত্বেও নিৰ্মাণৰত ৰাস্তাৰ ওপৰেদি মাটি কঢ়িয়াই ৰাস্তা অৱস্থাও শোচনীয় কৰি তোলাৰ উঠিছে ঠিকাদাৰৰ বিৰুদ্ধে আন এক অভিযোগ । এতিয়া প্ৰশ্ন হয়, বিজেপি নেতৃত্বাধীন চৰকাৰৰ নৱনিযুক্ত জলসম্পদ বিভাগৰ মন্ত্ৰী পিয়ুজ হাজৰিকাই মথাউৰি নিৰ্মানৰ নামত লুন্ঠন ৰাজ চলোৱা ঠিকাদাৰ আবুল নছৰৰ লগতে নগাঁৱৰ জলসম্পদ বিভাগৰ ওপৰত কেনেধৰনৰ ব্যৱস্থা গ্ৰহন কৰিব সেয়া পৰৰ্ৱতী সময়ত লক্ষণীয় হ'ব ।

লগতে পঢ়ক : ক’ভিডৰ প্ৰতিষেধকৰ Booster Doseৰ বাবে ভাৰতৰ গৱেষণা অব্যাহত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.