চামগুৰি,12 আগষ্ট : ক'ভিড পৰিস্থিতিৰ গ্ৰাসত পৰি তীব্ৰ আৰ্থিক সংকটত পৰিছে দেশৰ লগতে ৰাজ্যৰ হাজাৰ হাজাৰ খাটিখোৱা শ্ৰমিক ৷ কিন্তু এনে দুৰ্যোগৰ সময়তে এগৰাকী ঠিকাদাৰৰ বিৰুদ্ধে উত্থাপিত হৈছে অৰ্ধশতাধিক শ্ৰমিকৰ ধন আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ ৷ ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীৰ কাষ চাপিছে অভিযোগকাৰী শ্ৰমিক সকল ৷ এই ঘটনাই এতিয়া নগাঁৱত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ৷
লগতে পঢ়কঃ উপ নিৰ্বাচনত মাজুলীত ভাল ফল দেখুৱাব কংগ্ৰেছে : NSUI
উত্থাপিত অভিযোগ মতে, নগাঁৱৰ আমনিৰ এজন মহৰিয়ে গুৱাহাটীৰ জু-ৰোড তিনিআলিৰ ভাস্কৰ বৰুৱা নামৰ এজন ঠিকাদাৰৰ কামৰ বাবে নগাঁৱৰ এজন ঠিকাদাৰৰ নেতৃত্বত ৰৌমাৰি আৰু দাঁতিকাষৰীয়া অঞ্চলৰ পৰা প্ৰায় অৰ্ধশতাধিক শ্ৰমিকক তিনিচুকীয়াৰ গেলা পুখুৰীলৈ নি কামত নিয়োজিত কৰিছিল ৷ কিন্তু বিগত প্ৰায় তিনিমাহ ধৰি শ্ৰমিকসকলৰ প্ৰাপ্য মজুৰি দিয়াৰ ক্ষেত্ৰত গুৱাহাটীৰ ঠিকাদাৰ গৰাকীয়ে খেলিমেলি আৰম্ভ কৰাৰ অভিযোগ কৰিছে শ্ৰমিক সকলক তিনিচুকীয়ালৈ নিয়া ঠিকাদাৰ গৰাকীয়ে ৷
ইফালে শেহতীয়াকৈ কৰ্মস্থলীৰ পৰা শ্ৰমিকসকলৰ কিছু সামগ্ৰীও চুৰি হয় বুলি জনাইছে ঠিকাদাৰ গৰাকীয়ে ৷ নিজৰ সামগ্ৰী হেৰুৱাই আৰু কামৰ প্ৰাপ্যৰ পৰা বঞ্চিত হৈ অৱশেষত কাম এৰি নিজ ঘৰলৈ উভতি আহিল প্ৰাপ্য বঞ্চিত ঠিকাদাৰৰ লগতে শ্ৰমিকসকল ৷ ঘটনা সন্দৰ্ভত ইতিমধ্যে নগাঁৱৰ হয়বৰগাঁও আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে ঠিকাদাৰ জনে ৷ আৰক্ষীৰ তদন্তৰ অন্ততহে পোহৰলৈ আহিব প্ৰকৃত সত্য ৷
লগতে পঢ়কঃ বৰুণ দেৱতাক সন্তুষ্ট কৰিবলৈ ডিব্ৰুগড়ৰ ৰাইজে পাতিলে ভেকুলীৰ বিয়া