কলিয়াবৰ,১৯ মে': নগাঁও জিলাতো দ্ৰুতগতিত বৃদ্ধি পাইছে মহামাৰী কৰ'ণাত আক্ৰান্ত লোকৰ সংখ্যা । প্ৰতিদিনে বৃদ্ধি পাই আহিছে কৰ'ণাৰ সংক্ৰমণ । জিলাখনৰ কলিয়াবৰতো দৈনিক বৃদ্ধি পাইছে কৰ'ণাৰ সংক্ৰমণ । দ্ৰুত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি কণ্টেইনমেণ্ট জ’নৰ সংখ্যা বৃদ্ধি কৰিছে জিলা প্ৰশাসনে । কলিয়াবৰৰ জাৱনি গাঁৱত মঙলবাৰে ১৮ জন লোক মহামাৰী কৰ'ণাত আক্ৰান্ত হয় । ইয়াৰ পাচতেই প্ৰশাসনে গাঁৱখন কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰে । উক্ত গাঁৱত দ্বিতীয়টো কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰে জিলা প্ৰশাসনে ।
![Containment zone at Kaliabor](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-klbr-may-19-01-2nd-containment-zone-at-kaliabor-vis-bite-asc10014_19052021085728_1905f_1621394848_445.jpg)
ইয়াৰ পূৰ্বে ২য় খন কলিয়াভোমোৰা দলং নিৰ্মাণ প্ৰতিষ্ঠান গেমন ইণ্ডিয়াৰ আৱাসিক এলেকাক কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰিছিল কলিয়াবৰ মহকুমা প্ৰশাসনে । উল্লেখযোগ্য যে, যোৱা ২৪ ঘণ্টাত কলিয়াবৰৰত ১০৩ গৰাকীৰ দেহত ক'ভিডৰ সংক্ৰমণ ধৰা পৰে । ইয়াৰে চিমনাবস্তি চিকিৎসালয়ৰ অন্তৰ্গত ক'ভিড পৰীক্ষা কেন্দ্ৰত ২৬ গৰাকী আৰু জখলাবন্ধা চিকিৎসালয়ৰ অন্তৰ্গত ক'ভিড পৰীক্ষা কেন্দ্ৰত ৭৭ গৰাকীৰ দেহত ধৰা পৰে ক'ভিডৰ অৱস্থিতি ।
পোন প্ৰথমবাৰৰ বাবে কলিয়াবৰত এদিনতে সংক্ৰমিত ব্যক্তিৰ সংখ্য ১০০ ৰ ঘৰ অতিক্ৰম কৰে । এই পৰ্যন্ত কলিয়াবৰত ক'ভিড সংক্ৰমিত ব্যক্তিৰ সংখ্যা ৬৩১ জনলৈ বৃদ্ধি পাইছে । ইতিমধ্যে ২ জন লোকে মহামাৰীৰে যুঁজি প্ৰাণ হেৰুৱাইছে ।
লগতে পঢ়ক: শালবাৰীত উদযাপন বড়ো মাধ্যম দিৱস