ETV Bharat / state

Cattle Smuggling: কলিয়াবৰত গৰুভৰ্তি বাহনসহ সৰবৰাহকাৰী আটক - Container with large amount of cattle

গো সুৰক্ষাৰ বিধেয়কক ভেঙুচালি কৰি ৰাজ্যত অব্যাহত আছে গৰুৰ চোৰাং সৰবৰাহ ৷ মঙ্গলবাৰে বাগৰি আৰক্ষীয়ে চোৰাং ভাৱে সৰবৰাহ কৰা গৰুভৰ্তি বাহন জব্দ কৰা(Container filled with cattle seized in Kaliyabor)ৰ লগতে ৯ জন সৰবৰাহকাৰীক আটক কৰে ৷

Cattle Smuggling
কলিয়াবৰত গৰুভৰ্তি বাহনসহ সৰবৰাহকাৰী আটক
author img

By

Published : Dec 21, 2021, 4:59 PM IST

কলিয়াবৰ, 21 ডিচেম্বৰ: গো-সুৰক্ষাৰ বাবে ৰাজ্য চৰকাৰে প্ৰণয়ন কৰা কঠোৰ আইন গো-সুৰক্ষা বিধেয়ক(Cattle Preservation Bill 2021)খনলৈ যেন অলপো ভয় নাই এচামৰ ৷ কঠোৰ আইন গো-সুৰক্ষা বিধেয়ক প্ৰণয়নৰ পিছতো ৰাজ্যত এতিয়াও অব্যাহত আছে গো-ধনৰ চোৰাং সৰবৰাহ(Cattle smuggling in Assam) ।

কলিয়াবৰত গৰুভৰ্তি বাহনসহ সৰবৰাহকাৰী আটক

এই কঠোৰ আইনখনক ভেঙুচালি কৰি অসাধু চক্ৰই অবৈধভাৱে গো-ধন সৰবৰাহ এতিয়াও চলাই আছে পূৰ্বৰ দৰে । প্ৰায় প্ৰতি দিনেই ৰাজপথত অবৈধভাৱে গো-ধন সৰবৰাহ কৰা বাহন জব্দ কৰাৰ লগতে সৰবৰাহকাৰীক আটক কৰি আহিছে যদিও আৰক্ষীৰ চকুত ধূলি দি দৈনিক চলি আছে গো-ধনৰ অবৈধ সৰবৰাহ।

মঙ্গলবাৰে পুৱা কলিয়াবৰৰ বাগৰি আৰক্ষী চকীৰ টহলদাৰী আৰক্ষীয়ে চোৰাং ভাৱে সৰবৰাহ কৰা কেইবাখনো গৰুভৰ্তি বাহন জব্দ কৰিবলৈ সক্ষম হয়(Container filled with cattle seized in Kaliyabor) ৷ এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত আৰক্ষীয়ে চলোৱা অভিযানত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰে উজনিৰ পৰা অবৈধভাৱে গো-ধন সৰবৰাহ কৰা চাৰিখনকৈ বাহন জব্দ কৰে । জব্দ কৰা বাহনকেইখনৰ পৰা ৪২ টাকৈ গো-ধন জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী । লগতে গো-ধনৰ অবৈধ সৰবৰাহৰ লগত জড়িত ৯ জন সৰবৰাহকাৰীক আটক কৰে বাগৰি আৰক্ষীয়ে (Cattle smuggler arrested)।

লগতে পঢ়ক: কি আছে গো-সুৰক্ষা বিধেয়ক 2021 ত ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.