কলিয়াবৰ, 16 অক্টোবৰ: অৰুণোদয় আঁচনিৰ হিতাধিকাৰী বাচনিত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগত কলিয়াবৰত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ ৷ হাতে-হাতে চৰকাৰ বিৰোধী প্লে-কাৰ্ড লৈ আৰু বিভিন্ন চৰকাৰ বিৰোধী শ্ল'গানেৰে কলিয়াবৰ চহৰত প্ৰতিবাদ সাব্যস্ত কৰে শতাধিক কংগ্ৰেছ কৰ্মীয়ে ৷ লগতে মহকুমাধিপতিৰ জড়িয়তে অৰুণোদই আঁচনিৰ তালিকা প্ৰস্তুতৰ নামত চৰম অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰি ৰাজ্যপাললৈ এখন স্মাৰক পত্ৰল প্ৰেৰণ কৰে প্ৰতিবাদকাৰী সকলে ৷ কলিয়াবৰ আৰু পশ্চিম কলিয়াবৰ ব্লক কংগ্ৰেছ কমিটিয়ে যৌথভাৱে সাব্যস্ত কৰে এই প্ৰতিবাদ ৷
উল্লেখ্য যে,কলিয়াবৰ সমষ্টিৰ দুয়োটা উন্নয়ন খণ্ডৰ অন্তৰ্গত 18 টা গাঁওপঞ্চায়তৰ প্ৰায়কেইটা কাৰ্যালয়তে,আনকি উন্নয়ন খণ্ডৰ কাৰ্যালয়তো প্ৰতিবাদ সাব্যস্ত কৰিছে বঞ্চিতই ৷ অভিযোগ অনুসৰি কলিয়াবৰৰ প্ৰায়কেইটা পঞ্চায়তৰ অৰুণোদয় আঁচনিৰ তালিকাত নাই বিধবা, অবিবাহিত মহিলাৰ নাম ৷ কিন্তু তালিকাত অন্তৰ্ভুক্ত হৈছে চৰকাৰী চাকৰিয়াল তথা ধনবান লোকৰ নামৰ লগতে ৰাজনৈতিক নেতা-পালিনেতাৰ অঙহী-বঙহীৰ নাম ৷ আনকি দিব্যাংগ দৰিদ্ৰ মহিলাকো এই আঁচনিৰ পৰা বঞ্চিত কৰাৰ অভিযোগ প্ৰতিবাদকাৰী সকলৰ ৷ এই অভিযোগসমূহ উত্থাপন কৰিয়েই শুকুৰবাৰে প্ৰতিবাদমুখৰ হৈ পৰে কলিয়াবৰ ব্লক কংগ্ৰেছৰ নেতা-কৰ্মীসকল ৷ কংগ্ৰেছ কৰ্মী সকলৰ অভিযোগ শাসকীয় ৰাজনৈতিক দলৰ নেতা-পালিনেতাৰ লগতে পঞ্চায়ত প্ৰতিনিধি,সচিবৰ হস্তক্ষেপতে অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হ'ব লগা হৈছে প্ৰকৃত হিতাধিকাৰী ৷ এই দুৰ্নীতিৰ উচিক তদন্ত কৰাৰ লগতে প্ৰকৃত হিতাধিকাৰীক আঁচনিত নাম অন্তৰ্ভুক্ত কৰিবলৈ দাবী জনাই অসমৰ ৰাজ্যপাললৈ মহকুমাধিপতিৰ জৰিয়তে স্মাৰক পত্ৰ প্ৰদান কৰে প্ৰতিবাদকাৰী সকলে ৷
লগতে পঢ়কঃ তামুলপুৰ আছুৰ বাৰ্ষিক অধিবেশনত হিমন্ত বিশ্বক কটাক্ষ লুৰিণজ্যোতি গগৈৰ