কলিয়াবৰ,8 অক্টোবৰ: বৃহস্পতিবাৰে এক সংবাদমেলযোগে কলিয়াবৰ সমষ্টিৰ বিধায়ক তথা জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে কলিয়াবৰ ব্লক কংগ্ৰেছ কমিটিয়ে । তিনিবাৰকৈ কলিয়বৰ বিধানসভা সমষ্টিক প্ৰতিনিধিত্ব কৰি 2016 চনত কেবিনেট মন্ত্ৰী হোৱা কেশৱ মহন্তই কলিয়াবৰত কোনো ধৰণৰ বিশেষ উন্নয়ন নকৰাৰ অভিযোগ উত্থাপন কৰে কংগ্ৰেছে ৷
সংবাদমেলযোগে কংগ্ৰেছ কৰ্মীসকলে কয় যে, 2017 বৰ্ষতে হাতীমূৰাৰ বান্ধ ভাগি সৃষ্টি হোৱা প্ৰলয়ংকাৰী বানে তচ-নচ কৰিছিল সমগ্ৰ কলিয়াবৰ । কিন্তু, বানত ক্ষতিগ্ৰস্ত কলিয়াবৰীয়া ৰাইজে বিগত তিনি বছৰে কোনো ক্ষতিপূৰণ লাভ নকৰিলে । এই ক্ষেত্ৰত কেশৱ মহন্ত এগৰাকী ব্যৰ্থ মন্ত্ৰী । হাতীমূৰা বান্ধ ছিঙাৰ কাৰণ জানিবলৈ গঠন কৰা তদন্ত সমিতিৰ প্ৰতিবেদন দাখিল নোহোৱাত কংগ্ৰেছ কৰ্মীসকলে তীব্ৰ ভাষাৰে সমালোচনা কৰে জলসম্পদ মন্ত্ৰীগৰাকীক ।
ইয়াৰোপৰি প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি, অৰুণোদয় আঁচনিকে ধৰি বিভিন্ন চৰকাৰী আঁচনিৰ হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰাৰ ক্ষেত্ৰত মন্ত্ৰী কেশৱ মহন্তৰ দলীয় নেতা-পালিনেতাই হস্তক্ষেপ কৰি প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰাৰো অভিযোগ উত্থাপন কৰে । প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ দুৰ্নীতি অভিযোগৰ ভিত্তিত হোৱা বিভাগীয় তদন্তৰ কিছু তথ্যও দাঙি ধৰে কলিয়াবৰ ব্লক কংগ্ৰেছৰ নেতা প্ৰদীপ বৰুৱাই । লগতে ৰাজ সাহাৰ্যযুক্ত ট্ৰেক্টৰতো বিয়াগোম কেলেংকাৰীৰ বিষয়ে পৰৱৰ্তী সময়ত তথ্য সহকাৰে ফাদিল কৰাৰ হুংকাৰ দিয়ে জ্যেষ্ঠ নেতা গৰাকীয়ে।
কলিয়াবৰ তিনিআলিত ফ’ৰলেনযুক্ত নিৰ্মীয়মান ৰাষ্ট্ৰীয় ঘাইপথৰ ক্ষেত্ৰতো স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তই নিজ ভাতৃৰ বাসগৃহ ৰক্ষাৰ বাবে উঠি পৰি লাগিছে বুলি গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰে কংগ্ৰেছে । সংবাদমেলত অসম যুৱ কংগ্ৰেছৰ সম্পাদক মেঘনাথ শৰ্মায়ো অংশগ্ৰহণ কৰি মোদী চৰকাৰৰ জনবিৰোধী কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰে । সাধাৰণ ৰাইজ বাদেই,বৰ্তমান সময়ত মিত্ৰজোঁটৰ কলিয়াবৰ বিজেপি নেতা-কৰ্মীৰে অৱস্থা পানীত হাঁহ নচৰা হৈছে বুলি সংবাদমেলত তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে কংগ্ৰেছ নেতা গৰাকীয়ে ।
লগতে পঢ়ক: লালুকৰ এচিড আক্ৰমণৰ দুই অপৰাধীক গ্ৰেপ্তাৰ