ETV Bharat / state

Congress party huge booth conference:লাহৰীঘাটত কংগ্ৰেছ দলৰ বিশাল বুথ সন্মিলন - গৌৰৱ গগৈ

কংগ্ৰছৰ বুথ সন্মিলনত বিজেপি চৰকাৰৰ লগতে অসমৰ মুখ্যমন্ত্ৰীক কঠোৰ ভাষাৰে সমালোচনা কৰে কংগ্ৰেছৰ নেতৃবৃন্দই ৷

Congress party's huge booth conference in Laharighat
কংগ্ৰেছ দলৰ বিশাল বুথ সন্মিলন
author img

By

Published : Aug 21, 2023, 8:19 PM IST

কংগ্ৰেছ দলৰ বিশাল বুথ সন্মিলন

ধিং, 21 আগষ্ট : লাহৰীঘাট ব্লক কংগ্ৰেছ কমিটীৰ উদ্যোগত ২১ আগষ্টত লাহৰীঘাট ব্লক খেলপথাৰত অনুষ্ঠিত হয় এক বিশাল বুথ সন্মিলন । বুথ সন্মিলনত কংগ্ৰেথ দলৰ সমৰ্থনকাৰীৰ অগণন ভিৰ দেখিবলৈ পোৱা গ’ল ৷ এই বুথ সন্মিলনত অংশগ্ৰহণ কৰে কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ তথা নিখিল ভাৰত কংগ্ৰেছৰ ৱৰ্কিং কমিটীৰ সদস্য গৌৰৱ গগৈ প্ৰমুখ্যে নিখিল ভাৰত কংগ্ৰেছৰ সম্পাদক তথা অসম প্ৰদেশ কংগ্ৰেছৰ সহকাৰী তত্ত্বাৱধায়ক পৃথ্বীৰাজ সাথে আৰু প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনকে ধৰি কেইবাজনো কংগ্ৰেছী নেতাই ।

Congress party's huge booth conference in Laharighat
কংগ্ৰেছ দলৰ বিশাল বুথ সন্মিলন

কংগ্ৰেছ দলৰ বিশাল বুথ সন্মিলনত সাংসদ গৌৰৱ গগৈয়ে ভাষণ প্ৰদান কৰি ৰাহুল গান্ধীৰ এই মঞ্চৰ পৰাই ধন্যবাদ জ্ঞাপন কৰে ৷ ধন্যবাদ জ্ঞাপন কৰাৰ আঁৰৰ বিষয়ে তেওঁ জানিবলৈ দি কয় যে 2015 চনত যেতিয়া কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ড৹ হিমন্ত বিশ্ব শৰ্মাক লগা পাইছিল, তেতিয়াই তেওঁ অনুমান কৰিছিল যে এই ব্যক্তিজন কংগ্ৰেছ দলত থাকিলে দলটো শেষ হৈ যাব ৷

বৰ্তমানৰ বিজেপি দলৰ ভিতৰত লাগি থকা ঠোঁটা -মোজা দেখি গৌৰৱ গগৈয়ে ৰাহুল গান্ধীৰ দূৰদৰ্শিতাৰ বাবে তেওঁক ৰাজহুৱাকৈ ধন্যবাদ জনায় ৷ ভাষণত তেওঁ কয় যে, ‘বিজেপি দলৰ ভিতৰত এটা বেমাৰ সোমাইছে আৰু এই বেমাৰে ভৱিষ্যতে অতি মাৰাত্মক ৰূপ ধাৰণ কৰিব । এদিন এই বেমাৰৰ বাবেই বিজেপি দলৰ অস্তিত্ব নাইকীয়া হৈ যাব’ । আনহাতে গৌৰৱ গগৈয়ে ৰাইজৰ আশীৰ্বাদৰ বাবেই নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ ৱৰ্কিং কমিটীৰ সদস্য হিচাপে নিৰ্বাচিত হৈছে বুলি স্বীকাৰ কৰে ।

ইপিনে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনেও ভাষণত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক সমালোচনাৰে থকা-সৰকা কৰে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই একমাত্ৰ ৰাজনৈতিক বতৰ বিজ্ঞানী বুলি কটাক্ষ কৰে তেওঁ । লাহৰীঘাট সমষ্টিৰ বিধায়ক আচিফ মহম্মদ নাজৰৰ তৎপৰতাত আয়োজিত এই বিশাল বুথ সন্মিলনত প্ৰায় ৭ হেজাৰ কংগ্ৰেছী লোক উপস্থিত আছিল ।

লগতে পঢ়ক : Minister Pijush Hazarika : গৌৰৱ গগৈ আৰু প্ৰদ্যুৎ বৰদলৈৰ সমৰ্থকৰ মাৰ-পিট চাবলৈ অপেক্ষাৰত পীযুষ হাজৰীকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.