ETV Bharat / state

২০২১ চনত কংগ্ৰেছৰ নেতৃত্বত কা বিৰোধী শক্তিয়ে লাভ কৰিব এশ আসন:কোনে ক'লে? - বিজেপি চৰকাৰ

২০২১ চনত কংগ্ৰেছৰ নেতৃত্বত কা বিৰোধী শক্তিয়ে লাভ কৰিব এশ আসন ৷ নগাঁৱত সোমবাৰে অনুষ্ঠিত ইয়ং ব্ৰিগেডৰ এক কৰ্মীসভাত উক্ত মন্তব্য আগবঢ়াই প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ৰকিবুল হুছেইনে ৷ তদুপৰি বিজেপি চৰকাৰৰ বিৰুদ্ধেও সৰৱ হৈ প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰে ৷

Congress meeting held at nagaon assam etv bharat news
বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ৰকিবুল হুছেইন
author img

By

Published : Jul 6, 2020, 8:40 PM IST

নগাঁও,6 জুলাই: বিগত বৰ্ষৰ শেষৰফালে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সমগ্ৰ অসমত সদৌ অসম ছাত্ৰ সন্থা, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি ৰাজ্য়ৰ বিভিন্ন দল-সংগঠনে গঢ়ি তুলিছিল এক তীব্ৰ আন্দোলন । সলনি হৈছিল অসমৰ প্ৰেক্ষাপট ৷ কা বিৰোধী আন্দোলনক কেন্দ্ৰ কৰিয়ে এতিয়া সুযোগৰ সন্ধানত ব্যস্ত ৰাজ্যৰ মুখ্য বিৰোধী দল কংগ্ৰেছ । সোমবাৰে নগাঁও জিলা কংগ্ৰেছৰ কাৰ্যালয়ত অনুষ্ঠিত ইয়ং ব্ৰিগেড সেৱা দলৰ কৰ্মী সভাত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ মন্তব্যত স্পষ্ট হৈছে এই স্থিতি । কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ বাবে বিশাল জনসভা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত ইতিমধ্য়ে চৰকাৰে জাৰি কৰা নিৰ্দেশনাৰ পিছত নিচেই কম সদস্যৰে কংগ্ৰেছে নগাঁৱত অনুষ্ঠিত কৰে এক দলীয় সভা ৷ উক্ত সভাত উপস্থিত থাকি প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে বিজেপি দলৰ বিৰুদ্ধে সৰৱ হোৱা পৰিলক্ষিত হয় ৷

বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ৰকিবুল হুছেইন

মন্ত্ৰী হুছেইনে আগন্তক বিধানসভা নিৰ্বাচনত বিজেপিয়ে কৰা এশ আসন লাভৰ দাবীক ওফোৰাই কংগ্ৰেছে এই সফলতা লাভ কৰিবলৈ সক্ষম হ’ব বুলি ব্যক্ত কৰে ৷ লগতে বিজেপি চৰকাৰৰ দিনতে কয়লাৰ অবৈধ ব্যৱসায় আৰু ছিণ্ডিকেট চলাৰ অভিযোগ উত্থাপন কৰে ৰকিবুল হুছেইনে । তদুপৰি টোলগেট স্থাপন আৰু অখিল গগৈৰ শেহতীয়া স্বাস্থ্য সন্দৰ্ভতো বহু গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে ৷ মুঠৰ ওপৰত এয়া বিজেপি চৰকাৰৰ নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ এক কৌশল বুলি অভিহিত কৰে প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ৰকিবুল হুছেইনে ৷

লগতে চাওকঃ ঘোৰা গাড়ীত উঠি অভিনৱ প্ৰতিবাদ ৰিপুণ বৰাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.