কলিয়াবৰ,17 মাৰ্চঃ যোৱা মিত্ৰজোঁটৰ চৰকাৰৰ পাঁচ বছৰীয়া কাৰ্যকালত কেৱল উন্নয়নমূলক কামৰ বাবে ধৰ্মীয় তথা ভাষিক সংখ্যালঘু আৰু চাহ-জনগোষ্ঠীৰ সৰ্বাধিক ভোট লাভ কৰিব বুলি দৃঢ় বিশ্বাসী কৃষি মন্ত্ৰী অতুল বৰা । কলিয়াবৰত উপস্থিত হৈ সমাগত বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ মিত্ৰ শক্তি আৰু নতুনকৈ জন্ম লোৱা দুটাকৈ আঞ্চলিক ৰাজনৈতিক দলক নিষ্প্ৰভ কৰি বিজয় ধ্বজা উৰুৱাবলৈ সক্ষম হ’ব বুলি দৃঢ়তাৰে মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ।
বিগত লোকসভা নিৰ্বাচনত কলিয়াবৰ সমষ্টিৰ ভোটৰ সমীক্ষাই এআইইউডিফ-ৰে ভিতৰুৱা মিত্ৰতাৰ প্ৰমাণ দিছিল যদিও এইবেলি এই মিত্ৰতা ৰাজহুৱা হ'ল । ফলস্বৰূপে, নামনিত বহু সংখ্যালঘু নেতাই অগপ দলত যোগদান কৰি আজমল বাহিনীৰ ভেটি উচন কৰিছে । আনহাতে, আজমলৰে মিত্ৰতা কৰাৰ ফলত উজনি অসমতো কংগ্ৰেছ দলটো ভোটাৰ ৰাইজৰ কাষ চাপিবলৈ সক্ষম হোৱা নাই বুলি তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰে অগপৰ সভাপতি গৰাকীয়ে ।
অসম গণ পৰিষদ দলে বৰ্তমান নতুন ধ্যান-ধৰণাৰে দলটোক গঢ় দিয়াৰ চেষ্টাত অসমৰ জাতি-জনগোষ্ঠী, ধৰ্মীয় সংখ্যালঘু আৰু ভাষিক সংখ্যলঘু জন সাধাৰণে যোৱা পাঁচ বছৰীয়া শাসনকালত মিত্ৰজোঁট চৰকাৰৰ উন্নয়নমূলক কাৰ্যত আকৃষ্ট হৈ ধৰ্ম নিৰপেক্ষ দলটোলৈ বিপুল সঁহাৰি আগবঢ়াইছে । সেই ক্ষেত্ৰত সমাগত নিৰ্বাচনত পূৰ্বতকৈ অগপ দলে পূৰ্বতকৈ অধিক আসন লাভ কৰিবলৈ সক্ষম হ'ব বুলি মন্তব্য কৰে ।
তদুপৰি, ন-কইনাৰ দৰে কংগ্ৰেছে আদৰি অনা আজমল চাহাবক কোনেও গ্ৰহণ কৰা নাই বুলি কটাক্ষ কৰি কয় যে, যেনেকৈ সমাজে অনৈতিক বিবাহ এখন স্বীকৃতি নিদিয়ে, তেনেকৈ কংগ্ৰেছ-আজমলৰ বন্ধনকো ৰাজনৈতিকভাবে ভোটাৰসকলে স্বীকৃতি নিদিয়ে বুলি প্ৰকাশ কৰে মন্ত্ৰী গৰাকীয়ে । আনহাতে, ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদে কোনো ধৰণৰ প্ৰভাৱ পেলাবলৈ সক্ষম নহয় বুলি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় ।
লগতে পঢ়কঃ নিৰ্বাচনৰ প্ৰাকক্ষণত ভোটাৰক প্ৰতিশ্ৰুতি প্ৰদান হিতেন্দ্ৰ নাথ গোস্বামীৰ