ETV Bharat / state

বিদ্যালয় প্ৰাদেশীকৰণত ভেঁকো-ভাওনাৰ অভিযোগ প্ৰাথমিক শিক্ষক সন্থাৰ

author img

By

Published : Feb 10, 2021, 7:03 AM IST

Updated : Feb 10, 2021, 7:30 AM IST

নগাঁৱত গঠন হ'ল সদৌ অসম ন প্ৰাদেশীকৃত প্ৰাথমিক শিক্ষক সন্থা। সন্থা গঠন কৰিয়েই চৰকাৰৰ বিৰুদ্ধে আন্দোলনৰ হুংকাৰ প্ৰদান কৰিলে শিক্ষক সন্থাই ৷ বিদ্যালয় প্ৰাদেশীকৰণৰ নামত ভেকুভাওনা কৰাৰ অভিযোগ প্ৰাদেশীকৃত শিক্ষকৰ।

বিদ্যালয় প্ৰাদেশীকৰণত ভেকুভাওনাৰ অভিযোগ প্ৰাথমিক শিক্ষক সন্থাৰ

নগাঁও, 10 ফেব্ৰুৱাৰী: ৰাজ্যৰ শিক্ষা বিভাগে বিদ্যালয় প্ৰাদেশীকৰণৰ নামত পদ প্ৰাদেশীকৰণ কৰি শিক্ষা বিভাগত ভেকু ভাওনা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে নতুনকৈ নিযুক্তি লাভ কৰা শিক্ষক সকলে । মঙলবাৰে নগাঁৱৰ সাহিত্য সভা কমলা দেৱী স্মৃতি ভৱনত এখন সভাৰ আয়োজন কৰি সদৌ অসম ন প্ৰাদেশীকৃত প্ৰাথমিক শিক্ষক সন্থা গঠন কৰাৰ লগতে চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে নৱ নিযুক্ত শিক্ষকসকলে।

বিদ্যালয় প্ৰাদেশীকৰণত ভেঁকো-ভাওনাৰ অভিযোগ প্ৰাথমিক শিক্ষক সন্থাৰ

শিক্ষকসকলৰ মতে, চৰকাৰে বিদ্যালয় প্ৰাদেশীকৰণৰ নামত পদ প্ৰাদেশীকৰণ কৰি বছৰ বছৰ ধৰি শিক্ষাদান কৰি অহা বিদ্যালয়সমূহ চৰকাৰে বিলীন কৰাৰ ষড়যন্ত্ৰ কৰিছে ৷ প্ৰাদেশীকৰণৰ নামত বিসংগতি হোৱাৰ অভিযোগ উত্থাপন কৰি নিযুক্তি প্ৰক্ৰিয়াৰ লগতে প্ৰাদেশীকৰণ প্ৰক্ৰিয়া আসোঁৱাহ মুক্ত কৰিবলৈ দাবী উত্থাপন কৰে নৱগঠিত শিক্ষক সন্থাই। লগতে শিক্ষক সকলক পূৰ্বৰ বিদ্যালয়তে নিযুক্তি দিবলৈও দাবী উত্থাপন কৰে, অন্যথা চৰকাৰৰ বিৰুদ্ধে তীব্ৰ আন্দোলনৰ হুংকাৰ প্ৰদান কৰে নৱগঠিত শিক্ষক সন্থাই।

লগতে পঢ়ক: তিনিটা দশকৰ পিছতো ৰূপায়িত নহ'ল অসম চুক্তিৰ 6 নং দফা

Last Updated : Feb 10, 2021, 7:30 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.