নগাঁও,১২ মে': বটদ্ৰৱাত উপস্থিত সত্ৰৰ বেদখলকৃত ভূমি জৰীপ কমিটি । সত্ৰৰ ভূমি বেদখল কৰা সকলে ত্যাগ কৰিব লাগিব সত্ৰৰ ভূমি । শীঘ্ৰে বেদখলমুক্ত হ'ব ৰাজ্যৰ সত্ৰসমূহৰ ভূমি । বটদ্ৰৱাত উপস্থিত হৈ এইদৰে মন্তব্য আগবঢ়াই সত্ৰৰ বেদখলকৃত ভূমি জৰীপ কমিটিৰ অধ্যক্ষ প্ৰদীপ হাজৰিকাই (Commission for review of satra land encroachment) ।
হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে সত্ৰৰ বেদখলকৃত ভূমি জৰীপ কৰি প্ৰতিবেদন দাখিল কৰিবলৈ বিধায়ক প্ৰদীপ হাজৰিকাৰ নেতৃত্বত গঠন কৰিছিল তিনিজনীয়া জৰীপ কমিটি । ইতিমধ্যেই জৰীপ কমিটিয়ে এক প্ৰতিবেদন ৰাজ্য চৰকাৰক দাখিল কৰাৰ পিছত এতিয়া চূড়ান্ত প্ৰতিবেদন দাখিলৰ বাবে আৰম্ভ কৰিছে সত্ৰৰ ভূমিৰ জৰীপৰ কাম (Report on Satra land encroachment) ।
শুকুৰবাৰে নগাঁৱৰ বটদ্ৰৱা, ওপৰ ডুমডুমীয়া সত্ৰৰ জৰীপ কৰিবলৈ নগাঁৱৰ উপস্থিত হয় ৰাজ্য চৰকাৰে গঠন কৰি দিয়া জৰীপ কমিটি । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাত থকা বটদ্ৰৱা আৰক্ষী থানাৰ পিছফালৰ এখন সত্ৰৰ বেদখলকৃত ভূমিৰ জৰীপ কৰাৰ পিচত ওপৰ ডুমডুমীয়াৰ সত্ৰৰ ভূমি জৰীপ কৰি মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ পাতেকবড়ী সত্ৰৰ ভূমিৰ জৰীপ আৰম্ভ কৰে (Satra lands encroachment in Assam) ।
নগাঁৱত উপস্থিত হৈ সত্ৰৰ ভূমি বেদখল সন্দৰ্ভত কেবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই জৰীপ কমিটিৰ অধ্যক্ষ তথা আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাই । সত্ৰৰ ভূমি জৰীপৰ প্ৰথম প্ৰতিবেদন দাখিলৰ পিছত এইবাৰ চূড়ান্ত প্ৰতিবেদন দাখিলৰ বাবে জৰীপ আৰম্ভ কৰাৰ কথা সংবাদ মাধ্যমৰ সন্মুখত উল্লেখ কৰে জৰীপ কমিটিৰ অধ্যক্ষ প্ৰদীপ হাজৰিকাই (Encroached Satra Land) ।
উল্লেখ্য যে, ৰাজ্য চৰকাৰে গঠন কৰা অসম সত্ৰ ভূমি সমস্যা আৰু পৰ্যবেক্ষণ আৰু পৰীক্ষণ আয়োগে ২০২২ চনৰ ২ ডিচেম্বৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰদান কৰিছিল অন্তৱৰ্তীকালীন প্ৰতিবেদন । সেই প্ৰতিবেদনত প্ৰকাশ পাইছিল কেতবোৰ ভয়ংকৰ তথ্য ।
প্ৰতিবেদনত উল্লেখ কৰা মতে ১২ জিলাৰ ৬২ খন সত্ৰৰ ৭৫০৪ বিঘা ৪ কঠা মাটি বেদখলৰ কবলত আছে । এই বেদখলকাৰীৰ অধিকাংশ পূৰ্ববংগীয় মূলৰ লোক বুলি প্ৰতিবেদনত প্ৰকাশ পাইছিল । যাক লৈ চিন্তিত হৈ উঠিছিল বেদখলকৃত ভূমি জৰীপ কমিটি ।
লগতে পঢ়ক: Train service in Manipur suspended: মণিপুৰলৈ ৰে'ল সেৱা পুনৰ বাতিল