ETV Bharat / state

ৰহা মীন মহাবিদ্যালয় পৰিদৰ্শন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ - ঘৰে ঘৰে পুখুৰী ঘৰে ঘৰে মাছ

বৃহস্পতিবাৰে সন্ধিয়া মীন মহাবিদ্যালয় পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ মহাবিদ্যালয় খনত অসম কৃষি বিশ্ব বিদ্যালয়ৰ উপাচাৰ্য ড° অশোক কুমাৰ ভট্টাচাৰ্য, ডীন ড° কৃষ্ণ কান্ত তামুলীৰ লগতে মহাবিদ্যালয় খনৰ অধ্যাপক সকলৰ লগত এক আলোচনাত মিলিত হয় সোণোৱাল ৷

SARBANANDA SONOWAL AT RAHA
SARBANANDA SONOWAL AT RAHA
author img

By

Published : Aug 6, 2020, 10:51 PM IST

ৰহা, 6 আগষ্ট : অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল বৃহস্পতিবাৰে ৰহা মীন মহাবিদ্যালয়ত উপস্থিত হয় ৷ নগাঁও জিলাৰ ধিঙত বিভিন্ন কাৰ্যসূচীত অংশ গ্ৰহণ কৰি সন্ধিয়া মীন মহাবিদ্যালয় পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ মহাবিদ্যালয় খনত অসম কৃষি বিশ্ব বিদ্যালয়ৰ উপাচাৰ্য ড° অশোক কুমাৰ ভট্টাচাৰ্য, ডীন ড° কৃষ্ণকান্ত তামুলীৰ লগতে মহাবিদ্যালয় খনৰ অধ্যাপক সকলৰ লগত এক আলোচনাত মিলিত হয় সোণোৱাল ৷

ৰহা মীন মহাবিদ্যালয় পৰিদৰ্শন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

আলোচনা কালত মুখ্যমন্ত্ৰী গৰাকীয়ে মীন মহাবিদ্যালয়খনৰ সৰ্বাংগীণ উন্নয়নৰ ক্ষেত্ৰত চৰকাৰে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আশ্বাস প্ৰদান কৰে ৷ মাত্ৰ ৩০ মিনিটৰ এই কাৰ্যসূচীত বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতা ডেকা , নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা , মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী ,ৰহা সমষ্টিৰ বিধায়ক ডিম্বেশ্বৰ দাসৰ লগতে নগাঁও আৰু মৰিগাঁও জিলাৰ উপায়ুক্ত কেইগৰাকীও উপস্থিত থাকে ।

ইয়াৰ পূৰ্বে ধিঙত ঘৰে-ঘৰে পুখুৰী ঘৰে-ঘৰে মাছ আঁচনি পৰিদৰ্শন কৰি মীন পালকৰ সৈতে বাৰ্তালাপ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ তাৰপাছতেই বটদ্ৰবাত মন্দিৰ পৰিদৰ্শন কৰি ভকতৰ আশিস লয় মুখ্যমন্ত্ৰী সোণোৱালে ৷

লগতে পঢ়ক : ঠেলামৰা কাণ্ডৰ তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.