নগাঁও, ২৬ মাৰ্চঃ মঙলবাৰে নগাঁও লোকসভা সমষ্টিৰ বাবে প্ৰতিদ্বন্দিতা কৰিবলগীয়া বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মাই মনোনয়ন দাখিল কৰে । নগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ত দিনৰ ভাগতে মনোনয়ন দাখিল কৰে প্ৰাৰ্থীগৰাকীয়ে । ৰূপক শৰ্মাৰ মনোনয়ন দাখিলৰ সময়ত উপস্থিত থাকে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসসহ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ।
মনোনয়ন দাখিলৰ পাচতেই সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । ভাৰতবাসীয়ে দ্বিতীয়বাৰলৈয়ো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকে ভোট দিব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । আনহাতে নিৰ্বাচনত কংগ্ৰেছ আৰু এ আই ইউ ডি এফ দল সম্পূৰ্ণৰূপে ধাৰাশায়ী হ'ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷