ETV Bharat / state

বিশেষভাৱে সক্ষম শিশুক গামোচা পিন্ধাই মৰম যাঁচিলে মুখ্যমন্ত্ৰীয়ে

author img

By

Published : Mar 20, 2022, 3:49 PM IST

ৰহাত এটি বিশেষভাৱে সক্ষম শিশুক গামোচা পিন্ধাই মৰম যাঁচিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma at Raha)৷ মুখ্যমন্ত্ৰীগৰাকীক এবাৰ লগ পাবলৈ ৰৈ থকা শিশুটিৰ অসুবিধাসমূহ দূৰ কৰাৰ আশ্বাস প্ৰদান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ ইয়াৰ লগতে পল্টন বজাৰত আৰক্ষীৰ গুণ্ডাৰাজৰ ঘটনাৰো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷

CM Himanta Biswa Sarma at Raha
বিশেষভাৱে সক্ষম শিশুক গামোচা পিন্ধাই মৰম যাঁচিলে মুখ্যমন্ত্ৰীয়ে

নগাঁও, 20 মাৰ্চ: শিশুৰ প্ৰতি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ আছে এক বিশেষ আকৰ্ষণ ৷ বিভিন্ন সময়ত মুখ্যমন্ত্ৰীগৰাকীক দেখা যায় শিশুৰ সৈতে হাঁহি-ধেমালি কৰা ৷ সমগ্ৰ ৰাজ্যৰে শিশুসকলৰ বাবে মুখ্যমন্ত্ৰীগৰাকী হৈ পৰিল ‘মামা’ ৷ মুখ্যমন্ত্ৰীগৰাকীয়েও ‘ভাগিন’ সম্বোধনেৰে যিকোনো সময়ত যিকোনো ঠাইত শিশুসকলৰ লগত ব্যস্ত হৈ পৰা দেখা যায় ৷ এইবাৰ ৰহাত বিশেষভাৱে সক্ষম ভাগিনৰ কাষত ‘মামা’ হিমন্ত বিশ্ব শৰ্মা ৷

এটি বিশেষভাৱে সক্ষম শিশুক গামোচা পিন্ধাই মৰম যাঁচিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ ৰহাত মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হোৱাৰ খবৰ পাই এবাৰ লগ পোৱাৰ আশাৰে ৰৈ আছিল শিশুটি ৷ ইয়াৰ পিছতে মুখ্যমন্ত্ৰীগৰাকী শিশুটিৰ কাষলৈ গৈ চিনাকি হোৱাৰ লগতে অসুবিধাসমূহ দূৰ কৰাৰ আশ্বাস প্ৰদান কৰে ৷

ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসৰ বাসগৃহত মুখ্যমন্ত্ৰীগৰাকীৰ আগমনৰ খবৰ লাভ কৰি পুৱাৰ ভাগতে ৰহাৰ চৰাইবাহীৰ পৰা বাস্তৱ নাথ নামৰ এটি 13 বছৰীয়া বিশেষভাৱে সক্ষম কণমানি আহি অপেক্ষা কৰে মুখ্যমন্ত্ৰীগৰাকীক সাক্ষাৎ কৰাৰ বাবে (CM Himanta Biswa Sarma at Raha)। মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা শশীকান্ত দাসৰ বাসগৃহত উপস্থিত হৈয়ে পোনপ্ৰথমে হুইল চেয়াৰত বহি অপেক্ষাৰত কণমানিটোৰ কাষ চাপি অৱস্থাৰ বুজ লয় । মুখ্যমন্ত্ৰীগৰাকীক কণমানিটোৱে এখন ফুলাম গামোছাৰে আদৰণি জনোৱাৰ লগতে মুখ্যমন্ত্ৰীগৰাকীয়েও এখন ফুলাম গামোছাৰে কণমানিটোক মৰম যাঁচে ।

অসম চৰকাৰৰ জলসিঞ্চন বিভাগত কৰ্মৰত হৰমোহন নাথৰ পুত্ৰ বাস্তৱ নাথৰ যিসমূহ অসুবিধা আছে সকলোখিনি দূৰ কৰাৰো আশ্বাস প্ৰদান কৰে মূখ্যমন্ত্ৰীগৰাকীয়ে । মুখ্যমন্ত্ৰীগৰাকীক কাষত পাই কণমানি বাস্তব অতিকৈ আনন্দিত হৈ পৰে ।

ইপিনে গুৱাহাটীৰ পল্টন বজাৰত এগৰাকী বাইক আৰোহীৰ ওপৰত আৰক্ষীয়ে বীৰত্ব প্ৰদৰ্শন কৰা ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । নিৰীহৰ ওপৰত আৰক্ষীৰ অত্যাচাৰ কোনো কাৰণতে সহ্য কৰা নহ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰাৰ লগতে কয় যে, অপৰাধীৰ ক্ষেত্ৰতো অসম আৰক্ষী কঠোৰৰ পৰা কঠোৰ হ'ব লাগিব ৷

লগতে পঢ়ক: CM meets Sashi Kanta Das : ৰাজ্যসভাৰ অংকত আউল লাগিব নেকি কংগ্ৰেছৰ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.